নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যয়বহুল হোৱাৰ সম্ভাৱনা বিমানযাত্রীৰ ভ্রমণঃ বিমান সংস্থাই ভাৰা নিজে নির্ধাৰণ কৰিব পাৰিব

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ   বিমান ভাৰাৰ নিয়মত বৃহৎ সলনি ঘটাইছে কেন্দ্রীয় চৰকাৰে৷ ক’ভিড–১৯ মহামাৰী আৰম্ভ হোৱাৰ পাছৰে পৰা কেন্দ্রীয় চৰকাৰে বিমান ভাৰাক লৈ বলৱৎ কৰা নিয়ম অহা ৩১ আগষ্টৰ পৰা প্রত্যাহাৰ কৰা হৈছে বুলি  ঘোষণা কৰিছে কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই৷ টুইটযোগে বিমান ভাৰাৰ নিয়মত সলনি হোৱা বুলি উল্লেখ কৰি অহা ৩১ আগষ্টৰ পৰা বিমান সংস্থাসমূহে বিমানৰ ভাৰা নিজাববীয়াকৈ নির্ধাৰণ কৰিব পাৰিব৷ চৰকাৰে নির্ধাৰণ কৰি দিয়া ভাৰাৰ ঊর্ধ্ব আৰু নিম্ন সীমাৰ নিয়ম প্রত্যাহাৰ কৰাৰ পাছত বিমান সংস্থাসমূহে বিমানযাত্রীৰ চাহিদা অনুযায়ী ভাৰা নির্ধাৰণ কৰাৰ ক্ষমতা লাভ কৰিলে৷ বিমান সংস্থাসমূহে যাত্রীৰ সংখ্যা বর্ধিত হোৱাক লৈ বিমানৰ ভাৰাৰ ক্ষেত্রত ৰেহাই দিয়া–নিদিয়াটো নিজৰ সিদ্ধান্ত হ’ব বুলি মন্ত্রীগৰাকীয়ে প্রকাশ কৰিছে৷

বিমানৰ ইন্ধনৰ মূল্যবৃদ্ধি আৰু দৈনিক যাত্রীৰ চাহিদাৰ প্রতি লক্ষ্য ৰাখি ৩১ আগষ্টৰ পৰা বিমান সংস্থাসমূহে বিমানৰ ভাৰা নির্ধাৰণ কৰিব৷ চৰকাৰে এই অধিকাৰ বিমান সংস্থাসমূহক প্রদান কৰাৰ লগে লগে ব্যক্তিগত খণ্ডৰ বিমান সংস্থাসমূহে ইচ্ছানুযায়ী বিমানৰ ভাৰা বৃদ্ধি কৰাৰ পক্ষপাতী হ’ব৷ এনে কাৰণতে বিমানৰ যাত্রা ব্যয়বহুল হোৱাৰ সম্ভাৱনাই অধিক৷

উল্লেখ্য যে মহামাৰী ক’ভিড–১৯ৰ সময়ছোৱাত বিমান পৰিবহণ খণ্ড প্রায় বিধ্বস্ত হোৱাৰ পাছত মহামাৰীৰ পৰা উদ্ধাৰ হোৱাৰ পাছৰে পৰা খণ্ডটো কিছু উজ্জীৱিত হৈছে যদিও আন্তর্জাতিক ঘটনা–পৰিঘটনা আৰু বিমানৰ ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে এতিয়াও বিমান সংস্থাসমূহ লোকচানৰ সন্মুখীন হৈয়েই আছে৷ এই দৃষ্টিৰে চালে বিমান সংস্থাসমূহে চৰকাৰে নিয়ম প্রত্যাহাৰ কৰাৰ লগে লগে বিমানৰ ভাৰা বৃদ্ধি কৰাটো প্রায় নিশ্চিত৷

You might also like