নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণৰাজ্য দিৱস: যান বাহন চলাচলৰ নতুন নির্দেশনা

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ গণৰাজ্য দিৱস উপলক্ষে মহানগৰীত যান–বাহন চলাচলৰ ক্ষেত্রত নতুন পথ নির্দেশনা জাৰি কৰিছে আৰক্ষী প্রশাসনে৷ যান–বাহন আৰক্ষীৰ এক সূত্রই জনোৱা মতে কাইলৈ ক্ষেত্রী, সোণাপুৰ, বর্ণিহাট, যোৰাবাট, জালুকবাৰী, আমিনগাঁও আৰু বঙৰাৰ পৰা গধুৰ যান–বাহন মহানগৰীত প্রৱেশ কৰিব নোৱাৰিব৷ একেদৰে ৰেড পাছ প্রদান কৰা যান–বাহনসমূহ জি এছ ৰোড হৈ কইনাধৰা ৰ’টাৰী পইণ্ট আৰু ৩৭নং ৰাষ্ট্রীয় ঘাইপথেৰে চলাচল কৰিব পাৰিব৷ নীলা আৰু হালধীয়া পাছ থকা যান–বাহনসমূহ মিউজিয়াম পইণ্টত ড্রপ কৰি এছ এছ চি পইণ্টেৰে চলাচল কৰিব পাৰিব৷ গণৰাজ্য দিৱসৰ কার্যসূচী চলি থকাৰ সময়ত অন্যান্য বাহনসমূহ ৰিছার্চ গেট আৰু কইনাধৰা পইণ্টত প্রৱেশ নিষিদ্ধ কৰা হৈছে৷

ব্যৱসায়িক সামগ্রী কঢ়িওৱা বাহনসমূহ খানাপাৰাৰ পৰা ছয়মাইললৈকে জি এছ ৰোডত চলাচল কৰিবলৈ দিয়া নহ’ব৷ নুনমাটি, নাৰেংগী, বেলতলা, দিছপুৰ দিশৰ পৰা অহা সাধাৰণ লোকৰ বাহনসমূহ জয়ানগৰ চাৰিআলি পইণ্টৰ পৰা প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সমীপত পার্কিং কৰিব পাৰিব৷ ইপিনে, কার্যসূচী চলি থকা সময়ছোৱাত কইনাধৰা পইণ্টৰ পৰা খানাপাৰা ৰ’টাৰী পইণ্ট, খানাপাৰা পইণ্টৰ পৰা আছাম ৰাইফল বিল্ডিং, এছ এছ চি গেটৰ পৰা ৰিছার্চ গেট আৰু জি এছ ৰোড, আৰ জি বি ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোড, কে এল বি ৰোড আৰু এম জি ৰোডত যান–বাহন সম্পূর্ণৰূপে নিষিদ্ধ কৰা হৈছে৷ একেদৰে আৰক্ষী বিষয়া, নিৰাপত্তাৰক্ষী, সাংস্কৃতিক গোটৰ লোকসকলে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় চৌহদত যান–বাহন পার্কিং কৰিব পাৰিব৷ গণৰাজ্য দিৱসৰ কার্যসূচীত অংশগ্রহণ কৰা অন্যান্য অতিথিৰ লগতে সংবাদ মাধ্যমৰ লোকসকলে যান–বাহনসমূহ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় চৌহদত পার্কিং কৰাৰ ব্যৱস্থা কৰা হৈছে৷

You might also like