নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত স্তব্ধ অসমৰ মানচেষ্টাৰ শুৱালকুছিৰ বস্ত্রশিল্প

তিনি মাহত বস্ত্র ব্যৱসায়ীয়ে হেৰুৱালে ৩০০ কোটি টকা

নিয়মীয়া বাৰ্তা ৭ মেঃ  দিনক দিনে ভয়াৱহ ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ সংক্রমণে ব্যাপকভাৱে প্রভাৱান্বিত কৰিছে স্বাভাৱিক জীৱনযাত্রা৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে বিশ্বজুৰি স্তব্ধ হৈ পৰিছে অর্থনৈতিক কাম–কাজ৷ ইতিমধ্যে ইয়াৰ সুদূৰপ্রসাৰী প্রভাৱে আগন্তুক সময়ত সাধাৰণ ৰাইজৰ জীৱনক ব্যাপকভাৱে চুই যাব বুলি ইতিমধ্যেই স্পষ্ট কৰি দিছে অর্থনৈতিক–সামাজিক বিশেষজ্ঞই৷ ৰাজ্যৰ আন আন খণ্ডৰ লগতে ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে দেশজুৰি ঘোষণা কৰা লকডাউনে ব্যাপকভাৱে ক্ষতিগ্রস্ত কৰিছে বয়ন শিল্পকো৷ লকডাউনৰ সময়ত স্তব্ধ হৈ পৰিছে অসমৰ মানচেষ্টাৰ খ্যাত শুৱালকুছিৰ তাঁত শিল্প৷ অসমৰ জনজীৱনৰ অভিন্ন অংগস্বৰূপ পাট–মুগা শিল্প প্রবল প্রত্যাহ্বানৰ সন্মুখীন হৈছে লকডাউনৰ বাবে৷ ৩ মাহত শুৱালকুছিৰ এই বিখ্যাত এই বস্ত্র শিল্প উদ্যোগটোৱে প্রায় ৩০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে৷ এই কথা সদৰী কৰিছে বস্ত্র ব্যৱসায়ী তথা শুৱালকুছি তাঁত শিল্প উন্নয়ন সমিতিৰ সম্পাদক হীৰালাল কলিতাই৷

‘নিয়মীয়া বার্তা’ক তেওঁ জানিবলৈ দিয়া মতে মার্চ, এপ্রিল আৰু মে’ মাহত শুৱালকুছিৰ বস্ত্র ব্যৱসায়ীসকল এই বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হয়৷ কিয়নো এই সময়ছোৱাত বিহু আৰু বিয়াৰ বতৰ হোৱাৰ বাবে পাট–মুগাকে ধৰি কপাহী কাপোৰৰ চাহিদা সর্বাধিক৷ এই প্রসংগত তেওঁ কয়–‘এপ্রিলৰ পৰা মে’ মাহলৈ শুৱালকুছিৰ এই শিল্পৰ সৈতে জড়িত লোকসকলৰ বাবে ব্যৱসায়ৰ উৎকৃষ্ট সময়৷ ৰঙালী বিহুৰ প্রাক্ক্ষণত বিভিন্ন ধৰণৰ পাট–মুগাৰ কাপোৰৰ লগতে বিভিন্ন ডিজাইনৰ মেখেলা–চাদৰৰ চাহিদা সর্বাধিক হয়৷ তদুপৰি এপ্রিলৰ পৰা বিয়াৰ বাবেও বজাৰত পাট–মুগাৰ কাপোৰৰ বিক্রী যথেষ্ট বৃদ্ধি পায়৷ মে’ মাহৰ পাছত বাৰিষা আৰম্ভ হোৱাৰ বাবে লাহে লাহে উৎসৱ–পার্বণৰ সংখ্যাও কমি আহে আৰু পাট–মুগা কাপোৰৰ চাহিদাও হ্রাস পায়৷ কিন্তু এইবেলি ৰঙালী বিহুৰ প্রাক্ক্ষণত প্রায় মার্চ মাহৰ মাজভাগৰ পৰাই ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে জনজীৱনত ব্যাপক প্রভাৱ পৰিছে৷ মার্চৰ শেষ সপ্তাহৰ পৰা কাপোৰ বোৱাৰ কাম বন্ধ হৈ পৰিছে৷ ফলত ব্যাপক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে৷’ আনহাতে, শুৱালকুছিৰ ৯৫ শতাংশ লোকেই বয়ন শিল্পৰ সৈতে জড়িত বুলি উল্লেখ কৰি কলিতাই কয় যে কাপোৰ তৈয়াৰৰ বাবে কেঁচা সামগ্রীৰো যথেষ্ট অভাৱ হৈছে৷ গ্রামাঞ্চলত চৰকাৰে ক্ষুদ্র উদ্যোগ চলোৱাৰ অনুমতি প্রদান কৰিছে৷

তৎসত্ত্বেও শুৱালকুছিৰ শিপিনীসকলে কাপোৰ বোৱাৰ কাম আৰম্ভ কৰিব পৰা নাই৷ কিয়নো শিপিনীসকলে লাভ কৰা নাই কেঁচা সামগ্রী৷ এই সন্দর্ভত তেওঁ কয়– ‘শুৱালকুছিৰ বস্ত্র উদ্যোগীসকলে পাট সূতা আনে চীনৰ পৰা৷ বাংগালুৰু হৈ এই পাট সূতা আহে অসমলৈ৷ একেদৰে টচ সূতা ভগলপুৰৰ পৰা কলকাতা হৈ অসমলৈ অনা হয়৷ তদুপৰি কাপোৰৰ ডিজাইনৰ বাবে প্রয়োজনীয় জৰী, গুণা আদি আমদানি কৰিবলগীয়া হয় গুজৰাটৰ চুৰাটৰ পৰা৷ একেদৰে তাঁতশালৰ বিভিন্ন সামগ্রীও যেনে– মহুৰা, মাকো আদিও চুৰাটৰ পৰাই আনিব লগা হয়৷ কিন্তু লকডাউনৰ বাবে পৰিবহণ ব্যৱস্থা সম্পূর্ণ বন্ধ হৈ পৰিছে৷ যাৰ ফলত স্তব্ধ হৈ পৰিছে শুৱালকুছিৰ বস্ত্র শিল্প৷  যিসমূহ শ্ব’ৰূমত সূতাকে ধৰি আন আন প্রয়োজনীয় সামগ্রী জমা আছিল সেয়াও ইতিমধ্যে শেষ হৈছে৷ সমান্তৰালভাৱে কাপোৰ বলেও বজাৰ ক’ত?’ আনহাতে, শুৱালকুছিত শিপিনী হিচাপে কর্মৰত লোকসকলৰ অধিকাংশই বর্তমান কর্মসংস্থাপনহীনত্ ভোগাৰো আশংকা কৰা হৈছে৷ কলিতাই জানিবলৈ দিয়া অনুসৰি শুৱালকুছিত প্রায় ১৫ হাজাৰ শিপিনী আছে৷ ইয়াৰে ৮০ শতাংশ শিপিনীয়েই শুৱালকুছিৰ বাহিৰৰ৷ ২০ শতাংশ শিপিনীহে স্থানীয় বাসিন্দা৷ সেয়েহে দীর্ঘদিনে কাম–কাজ বন্ধ হোৱাৰ ফলত এই শিপিনীসকলক দা–দৰমহা দি ৰখাৰ ক্ষেত্রতো অসুবিধাৰ সন্মুখীন হৈছে তাঁতশালৰ মালিকসকল৷ অধিক দিন এইদৰে কাম–কাজ বন্ধ ৰাখিবলগীয়া হ’লে শিপিনীসকল অধিক প্রত্যাহ্বানৰ মুখামুখি হ’ব৷ সেয়েহে আন বিভিন্ন ক্ষেত্রৰ দৰে শুৱালকুছিৰ এই বস্ত্র ব্যৱসায়ীসকলক সকাহ দিয়াৰ বাবে অর্থনৈতিক পেকেজ ঘোষণা কৰিবলৈ ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰক দাবী উত্থাপন কৰিছে শুৱালকুছিৰ তাঁত শিল্প উন্নয়ন সমিতিয়ে৷ এই প্রসংগত তেওঁ কয়–‘শুৱালকুছিত সৰু–বৰ বস্ত্র ব্যৱসায়ী আছে৷ বৃহৎ ব্যৱসায়ীসকলে কোটি টকাৰ ব্যৱসায় কৰে৷ আনহাতে, শুৱালকুছিৰ প্রতিঘৰ পৰিয়ালৰ কথা বিবেচনা কৰিলে গড় হিচাপত মাহে ৫ৰ পৰা ৭ লাখ টকাৰ ব্যৱসায় কৰে৷ লকডাউনৰ বাবে এই লোকসকল সম্পূর্ণৰূপে বিধ্বস্ত হৈ পৰিছে৷ কেন্দ্রীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰো সংশ্লিষ্ট এটা বিভাগ আছে৷ সেয়েহে এইক্ষেত্রত তেওঁলোকে ব্যৱস্থা গ্রহণ কৰা উচিত৷’ ইপিনে, ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে শুৱালকুছিৰ পৰা বহিঃৰাষ্ট্রলৈ পাট–মুগাৰ কাপোৰৰ ৰপ্তানিও বন্ধ হৈ পৰিছে৷ এই প্রসংগত হীৰালাল কলিতাই প্রকাশ কৰা অনুসৰি তেওঁ নিজাববীয়াকৈ জাপান আৰু আমেৰিকালৈ মুগা কাপোৰ ৰপ্তানি কৰি আহিছে৷ বিগত বর্ষৰ আগষ্টত এই সন্দর্ভত তেওঁ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছিল৷ সেই অনুসৰি জাপানলৈ ৪৫ মিটাৰ মুগা কাপোৰ তেওঁ পঠিয়াই আহিছিল৷ একেদৰে আমেৰিকালৈ তেওঁ তিনি মাহৰ মূৰে মূৰে ষ্টল আৰু প্লেইন ফ্রেবিকৰ কাপোৰ প্রেৰণ কৰিছিল৷ কিন্তু ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ লগে লগে দুয়োখন দেশেই এই ৰপ্তানি বন্ধ কৰিছে৷ ই–মেইলযোগে জাপানে আগন্তুক ছমাহলৈ কোনোধৰণৰ কাপোৰ শুৱালকুছিৰ পৰা আমদানি নকৰে বুলি অৱগত কৰিছে৷ মুঠতে লকডাউনে ৰাজ্যৰ গৌৰৱ তথা চহকী বস্ত্র শিল্পৰ এই উদ্যোগটোলৈ কঢ়িয়াইছে অশনি সংকেত৷

You might also like