নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰষুণৰ পানীয়ে বুৰাব বৰঝাৰৰ আন্তর্জাতিক বিমানকোঠ

নিয়মীয়া বাৰ্তা,  ৭ মে’ : বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰকে ধৰি বৃহত্তৰ আজাৰাৰ কেইবাটাও আৱাসিক অঞ্চল কৃত্রিম বানত বুৰ যোৱাৰ আশংকাই দেখা দিছে৷ কিয়নো, বাৰিষাৰ সময়ত বৰষুণৰ পানী আৰু মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা পানীবোৰ ওলাই যোৱা পানী পৰিবাহী নলাবোৰৰ অধিকসংখ্যকে বর্তমানেও বন্ধ হৈ আছে৷

বাৰিষাৰ আগমনৰ লগে লগে বৰষুণৰ মাত্রাও ক্রমাৎ বৃদ্ধি পাই আহিছে৷ বৰষুণৰ পানীৰে খাল, বিল, জলাশয়, পিটনি আদি পূৰ হৈ পৰিছে৷ যদি একেৰাহে তিনি–চাৰি দিন ধাৰাসাৰ বৰষুণ দিয়ে, তেন্তে পানীবোৰ কোনোফালে ওলাই যাব নোৱাৰি বৰঝাৰ বিমানবন্দৰকে ধৰি কেইবাটাও আৱাসিক এলেকা বুৰাই পেলাব৷

উল্লেখ্য যে বৰঝাৰ বিমানবন্দৰৰ পৰা এছ অ’ এছ ভিলেজৰ সন্মুখেৰে গড়ল সংযোগী পথটোৰ দুয়োদিশে দুটা পানী পৰিবাহী নলা আছে৷ ব্রহ্মপুত্র সংযোগী নলা দুটাৰ এটা উন্মুক্ত হৈ আছে যদিও এটা নলাৰ কেইবাটাও অংশ বন্ধ হৈ আছে৷ একাংশ লোকে নলাটোৰ দাঁতিত ক্রয় কৰা মাটিত নির্মাণকার্য চলোৱাৰ বাবে পানী পৰিবাহী নলাটো মাটি পেলাই বন্ধ কৰি ৰাখিছে৷ কাম সম্পূর্ণ হোৱাৰ পিছত সংশ্লিষ্ট ব্যক্তিজনে বন্ধ কৰি ৰখা পানী পৰিবাহী নলাটো পূর্বৰ দৰে মুকলি কৰিব লাগে যদিও তেনে নকৰাত সমাগত বাৰিষাৰ বৰষুণে বৃহত্তৰ অঞ্চলটোত কৃত্রিম বানপানীৰ সৃষ্টি কৰিব৷

You might also like