নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়োলেণ্ড আন্দোলনৰ উকমুকনি! ৮ নৱেম্বৰত কোকৰাঝাৰত বিশাল বিশেষ সভাৰ আয়োজন

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ বড়োভূমিত আকৌ আৰম্ভ হৈছে পৃথকতাবাদী আন্দোলনৰ উকমুকনি৷ শেহতীয়া বি টি আৰ চুক্তিৰ জৰিয়তে পৃথক বড়োলেণ্ডৰ দাবীত নিখিল বড়ো ছাত্র সন্থাই (এবছু) চলাই অহা দীর্ঘদিনীয়া আন্দোলনৰ সামৰণি ঘোষণা কৰিছিল যদিও সময় উকলাৰ লগে লগে পুনৰ উত্থাপন হৈছে পৃথক বড়োলেণ্ডৰ দাবী৷ সমান্তৰালভাৱে বি টি আৰ চুক্তিক লৈও বড়োভূমিত শুনিবলৈ পোৱা গৈছে মুকলি অসন্তুষ্টি৷

সংগঠিত ৰূপত ‘বড়োলেণ্ড’ৰ দাবী উত্থাপন কৰিবলৈ অহা ৮ নৱেম্বৰত কোকৰাঝাৰত আয়োজন কৰা হৈছে এখন বিশেষ সভা৷ বিটিচি সচিবালয়ৰ নিকটৱর্তী ‘দ্য নির্বানা গার্ডেন’ত অনুষ্ঠিত হ’বলগীয়া সভাখন আহ্বান কৰিছে বড়ো সমাজৰ কেইবাগৰাকীও গুৰুত্বপূর্ণ ব্যক্তিয়ে৷ সভাৰ আহ্বায়কসকলৰ ভিতৰত অন্যতম হ’ল– লোকসভাৰ প্রাক্তন সাংসদ চাঞ্চুমা খুংগুৰ বিছমুতিয়াৰী, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্রাক্তন পঞ্জীয়ক ড০ শেখৰ ব্রহ্ম, এবছুৰ স্বেচ্ছাসেৱক বাহিনীৰ প্রাক্তন সভাপতি ড০ ফুকন চন্দ্র বড়ো, প্রাক্তন এবছু নেতা শুক্রাচার্য মুছাহাৰী, কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ ড০ ৰূপম কুমাৰ ব্রহ্ম ইত্যাদি৷

ইতিমধ্যে এইসকল ব্যক্তিক লৈ গঠন কৰা হৈছে ‘অল ইণ্ডিয়া বড়ো পিপলছ নেচনেল লীগ ফৰ বড়োলেণ্ড ষ্টেটহুড’৷ এই সংগঠনটোৰো মুখ্য আহ্বায়কৰ দায়িত্ব গ্রহণ কৰিছে চাঞ্চুমা খুংগুৰ বিছমুতিয়াৰীয়ে৷ অহা ৮ নৱেম্বৰত আহ্বান কৰা সভাখন সন্দর্ভত এক বিবৃতিত কোৱা হৈছে যে যোৱা ১৫ অক্টোবৰত পৃথক বড়োলেণ্ড সন্দর্ভত ‘অল ইণ্ডিয়া বড়ো পিপলছ নেচনেল লীগ ফৰ বড়োলেণ্ড ষ্টেডহুড’ৰ এখন তদর্থ সমিতি গঠন কৰা হৈছে৷

দীর্ঘদিন ধৰি পৃথক বড়ো ৰাজ্যৰ দাবীত চলি অহা আন্দোলনটো এতিয়াও অমীমাংসিত হৈ আছে৷ তদুপৰি শেহতীয়াকৈ স্বাক্ষৰ হোৱা তৃতীয় বড়ো শান্তি চুক্তিখনো প্রস্তাৱিত বড়ো ৰাজ্যৰ ৰাজনৈতিক পৰিসীমাৰ পৰিপন্থী৷ এনে পৰিস্থিতিত পৃথক ৰাজ্যৰ দাবী সন্দর্ভত আলোচনা কৰিবলৈ অহা ৮ নৱেম্বৰৰ সভাখন আহ্বান কৰা হৈছে৷

স্বাভাৱিকতে বিটিচি নির্বাচনৰ দিন চমু চাপি অহাৰ সময়তে পৃথক বড়োলেণ্ডৰ দাবী আকৌ এবাৰ উত্থাপন হোৱাটো তাৎপর্যপূর্ণ বিবেচিত হৈছে৷ কিয়নো প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দলে বি টি আৰ চুক্তিক মূল ইছ্যু কৰিয়েই নির্বাচনী প্রচাৰ চলাই আছে৷ অথচ একেগৰাকী নেতাই এবছুৰ সভাপতিৰ দায়িত্বত থকা গোটেই সময়ছোৱাত ‘ডিভাইড আছাম ৫০ঃ৫০’ৰ দাবীত তীব্র আন্দোলনৰ কার্যসূচী গ্রহণ কৰি আহিছিল৷

বড়ো শান্তি চুক্তিৰ জৰিয়তে তেওঁ পৃথক ৰাজ্যৰ দাবীৰ লগতে এবছু সভাপতিৰ দায়িত্বও ত্যাগ কৰে৷ ইউ পি পি এলত যোগদান কৰি প্রমোদ বড়োৱে নির্বাচনী প্রস্তুতিত নামি পৰিছে যদিও চাঞ্চুমা খুংগুৰ বিছমুতিয়াৰীৰ নেতৃত্বত পুনৰ আৰম্ভ হোৱা পৃথকতাবাদী আন্দোলনে তেওঁৰ ৰাজনৈতিক অংকত আউল লগোৱাৰ সম্ভাৱনাও প্রবল কৰি তুলিছে৷

You might also like