নিয়মীয়া বাৰ্তা, কামপুৰ, ১১ অক্টোবৰ : ঝাৰখণ্ডত কালি নিশা উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত হোৱা এক আই ই ডি বিস্ফোৰণত অসমৰ এজন চি আৰ পি এফ জোৱান শ্বহীদ হয় ।
ঝাৰখণ্ডৰ চাইবাছা ৰেঞ্জ এলেকাত কালি নিশা সংঘটিত হয় আই ই ডি বিস্ফোৰণটো । সেই বিস্ফোৰণত নগাঁও জিলাৰ কামপুৰৰ কুঁৱৰীআটি গাঁৱৰ মহেন্দ্ৰ লস্কৰ নামৰ জোৱানজন শ্বহীদ হয়। বীৰ জোৱানজনে কালি নিশা প্ৰায় ১১/১২ জনীয়া বেটেলিয়নৰ দল এটাৰ সৈতে টহল দি আগবাঢ়ি গৈ থাকোঁতে বিস্ফোৰণটো সংঘটিত হয় বুলি তেওঁৰ কামপুৰৰ বাসগৃহলৈ খবৰ আহে। এই বিস্ফোৰণত মহেন্দ্ৰ লস্কৰ থিতাতে নিহত হোৱাৰ লগতে আন জোৱানসকল আহত হয় বুলি জানিব পৰা গৈছে ।
দেশমাতৃক ৰক্ষা কৰিবলৈ গৈ শ্বহীদ হোৱা মহেন্দ্ৰ লস্কৰৰ পৰিয়াললৈ কোনো কালে নভবা খবৰটো অহাৰ পিছত কান্দোনত ভাগি পৰিছে মাতৃ, পত্নী, সন্তানৰ লগতে সমগ্ৰ পৰিয়াল। শ্বহীদ বীৰগৰাকীৰ বিয়োগৰ খবৰে তেওঁৰ আপোন গাঁওখনৰ উপৰি সমগ্ৰ কামপুৰতে শোকৰ ছাঁ পেলাইছে ।
উল্লেখ্য যে বৃহস্পতিবাৰে নিশাও সেই ঠাইত আই ই ডি বিস্ফোৰণ হৈছিল বুলি মহেন্দ্ৰ লস্কৰে ফোনযোগ পত্নীক জনাইছিল । বাতৰি লিখা পৰলৈকে লস্কৰৰ নশ্বৰ দেহ নিজ ঘৰলৈ আহি পোৱা নাই যদিও কাইলৈ পুৱাৰ ভাগত আহি পাব বুলি জানিব পৰা গৈছে ।