নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১টা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী ঘোষণা, তালিকাত নাম নাই অখিল গগৈৰ

কংগ্ৰেছৰে মিত্ৰতাৰ আশা ত্যাগ কৰি অৱশেষত আজি অখিল গগৈৰ ৰাইজৰ দলে ১১টা সমষ্টিত নিজৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিলে। তালিকাত স্থান পালে অধ্যাপিকাৰ চাকৰি এৰি ৰাজনীতিলৈ অহা ড০ জ্ঞানশ্ৰী বৰাই। কিন্তু ৰাইজৰ দলৰ এই তালিকাত অখিল গগৈৰ নাম ঘোষণা নোহোৱাটো আশ্চৰ্যকৰ হৈ পৰিছে। আন এগৰাকী কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে ৰাইজৰ দলত যোগদান কৰিছিল, কিন্তু আশ্চৰ্যকৰভাৱে আজিৰ ঘোষিত তালিকাত স্থান নাপালে শ্বেৰমান আলী আহমেদে।

আজি ঘোষণা কৰা ৰাইজৰ দলৰ প্ৰাৰ্থীসকল হল-

  • পূব গোৱালপাৰাত আব্দুল ৰছিদ মণ্ডল
  • জালুকবাৰীত ৰমেন চন্দ্ৰ বৰঠাকুৰ
  • মানসত অঞ্জন তালুকদাৰ
  • দলগাঁৱত আজিজুৰ ৰহমান
  • ধিঙত মেহবুব মুক্তাৰ
  • তেজপুৰত অলক নাথ
  • চিচিবৰগাঁৱত দুলাল চন্দ্ৰ বৰুৱা
  • মাৰ্ঘেৰিটাত ৰাহুল ছেত্ৰী
  • ডিগবৈত লক্ষ্যজ্যোতি গগৈ
  • মৰিয়নিত ড০ জ্ঞানশ্ৰী বৰা
  • বোকাখাতত ৰতন দাও

ডিজিটেল ডেস্ক, ৪ মাৰ্চ

You might also like