নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া মহিলাক মদৰ ব্যৱসায়ত নমাব শুক্লবৈদ্যই

নিয়োগৰ ‘বিশেষ সুবিধা’ দিয়াৰ নামত আবকাৰীৰ ভয়ংকৰ কাণ্ড

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ যি সময়ত অসমৰ মহিলা সমাজে ৰাজ্যখনত মাদক দ্রব্যৰ অবাধ প্রচলন আৰু ইয়াৰ পৰা সমাজ    জীৱনত পৰা ক্ষতিকাৰক প্রভাৱৰ বিৰুদ্ধে বিভিন্ন সময়ত প্রতিবাদ জনাই আহিছে, সেই সময়তে আবকাৰী মন্ত্রী পৰিমল শুক্লবৈদ্যই অসমীয়া মহিলাক থলুৱা মদৰ ব্যৱসায়ত নমাই নিয়োগৰ বিশেষ সুবিধা দিয়াৰ লক্ষ্য স্থিৰ কৰিছে৷ ৰাজ্য চৰকাৰৰ বিভাগসমূহৰ সফলতাৰ বিস্তৃত খতিয়ান সম্বলিত ‘পৰিৱর্তন (৩)’ পুস্তিকাখনত আবকাৰী বিভাগৰ সফলতাৰ খতিয়ানত অতি স্পষ্টভাৱে প্রতিফলিত হৈছে আবকাৰী মন্ত্রী শুক্লবৈদ্যৰ এই ভয়ংকৰ সপোন৷ পুস্তিকাখনত ২০১৬ চনৰ মে’ মাহৰ পৰা বিভাগটোৱে গ্রহণ কৰা কিছু মুখ্য নীতিগত সিদ্ধান্ত আৰু সফলতাৰ তথ্য দাঙি ধৰে৷ তেনে এটা মুখ্য নীতিগত সিদ্ধান্তৰ বিষয়ে সদৰী কৰি পুস্তিকাখনত কোৱা হৈছে– ‘অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত পৰম্পৰাগত নিচাযুক্ত পানীয়ৰ ব্যৱহাৰৰ এটা পৰম্পৰা আছে৷ ৰাজ্যখনত পৰম্পৰাগত নিচাযুক্ত পানীয়সমূহৰ বাণিজ্যিকীকৰণৰ জৰিয়তে পর্যটকসকলৰ মাজত অসমৰ বৈচিত্র্য আৰু জনজাতীয় স্বাদ উন্মোচিত হ’ব৷ থলুৱা নিচাযুক্ত পানীয়বোৰৰ বাণিজ্যিকীকৰণৰ জৰিয়তে ৰাজ্যখনত বিশেষকৈ মহিলাসকলৰ বাবে নিয়োগৰ বিশেষ সুবিধাও সৃষ্টি কৰিব পৰা যাব৷’ মন কৰিবলগীয়া এয়ে যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি মিত্রজোঁটৰ চৰকাৰ ক্ষমতালৈ অহাৰ পাছতেই ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্রচলিত পৰম্পৰাগত নিচাযুক্ত পানীয়সমূহ বাণিজ্যিকীকৰণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ আবকাৰী মন্ত্রী শুক্লবৈদ্যই জানিবলৈ দিয়া মতে, ইতিমধ্যে পৰম্পৰাগত নিচাযুক্ত পানীয় উৎপাদনৰ কাম ৰাজ্যখনত আৰম্ভ হৈছে৷ বিভাগে অনলাইনৰ জৰিয়তে আবেদন গ্রহণ কৰি ইতিমধ্যে তিনিটা ফেক্টৰীৰ বাবে অনুজ্ঞাপত্র প্রদান কৰিছে৷ আবকাৰী বিভাগৰ এক সূত্রৰ পৰা জানিব পৰা মতে, উজনি অসমৰ শিৱসাগৰ, যোৰহাট আৰু ডিমা হাছাও জিলাত ইতিমধ্যে পৰম্পৰাগত নিচাযুক্ত পানীয় উৎপাদনৰ বাবে তিনিখন অনুজ্ঞাপত্র প্রদান কৰা হৈছে আৰু তেওঁলোকে উৎপাদন আৰম্ভ কৰিছে৷ শিৱসাগৰত সাঁজপানী, যোৰহাটত আপং আৰু ডিমা হাছাওত জুতিমাৰ উৎপাদন চলি আছে৷

সূত্রটোৱে প্রকাশ কৰা অনুসৰি আবকাৰী বিভাগে ইতিমধ্যে অনলাইনযোগে পৰম্পৰাগত নিচাযুক্ত পানীয় উৎপাদনৰ বাবে অনুজ্ঞাপত্রৰ দুৱাৰ খোলা ৰাখিছে৷ অনুজ্ঞাপত্রৰ বাবে ধার্য কৰা মাচুলো তেনেই সামান্য৷ মাত্র দুহেজাৰ টকাৰ মাচুল আদায় দিয়েই আবেদন কৰিব পাৰে৷ কিন্তু এইক্ষেত্রত ৰাইজৰ সঁহাৰি আশাব্যঞ্জক নহয়৷ আশাব্যঞ্জক সঁহাৰিৰ অভাৱতেই এতিয়ালৈ মাত্র তিনিখনহে অনুজ্ঞাপত্র বিভাগে প্রদান কৰিবলৈ সমর্থ হৈছে৷ সূত্রটোৰ মতে, ৰাজ্যখনৰ ভিন্ন প্রান্তত পৰম্পৰাগত নিচাযুক্ত পানীয়ৰ প্রচলন এতিয়াও চলি আছে৷ কিন্তু সেই পানীয়ৰ উৎপাদন প্রশাসনৰ অজ্ঞাতে চলি আহিছে৷ বহু সময়ত স্থানীয়ভাৱে উৎপাদিত তেনে পানীয়ত বিষাক্ত সামগ্রীও সংযোজন কৰা হয়৷ ফলত বহু কৰুণ ঘটনাও সংঘটিত হৈ আহিছে৷ কিন্তু আবকাৰী বিভাগে প্রচলন কৰিব বিচৰা পৰম্পৰাগত নিচাযুক্ত পানীয় উৎপাদনৰ ক্ষেত্রত সমগ্র বিষয়টো চৰকাৰ–প্রশাসনৰ আওতালৈ নিব বিচাৰিছে৷ তাৰ বাবে তেনে পানীয় উৎপাদনৰ ক্ষেত্রত প্রশাসনৰ অনুমতি সাপেক্ষে অনুজ্ঞাপত্র দিয়াৰ ব্যৱস্থা কৰে৷ ইমানখিনিলৈকে আবকাৰী বিভাগৰ চিন্তা–চর্চা এটা দিশৰ পৰা চাবলৈ গ’লে ঠিকেই আছিল যদিও একে সময়তে বিভাগটোৱে ইয়াৰ জৰিয়তে মহিলাসকলৰ বাবে নিয়োগৰ বিশেষ সুবিধা সৃষ্টি কৰিব পৰা যাব বুলি কৰা চিন্তা–চর্চাই বিভাগটোৱে যে অসমীয়া মহিলাক মদৰ ব্যৱসায়ত নমাব বিচাৰিছে, সেই ছবিখনেই পৰিষ্কাৰ হৈ পৰে৷

এখন ঘৰ বা এটা পৰিয়ালক শৃংখলিতভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্রত মহিলা এগৰাকীৰ ভূমিকা কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ কিন্তু পৰিয়ালৰ মহিলাসকলক স্বয়ং চৰকাৰেই মদ উৎপাদনৰ জৰিয়তে নিয়োগৰ সুবিধা ল’বলৈ আকৃষ্ট কৰা পদক্ষেপে সেই পৰিয়াল বা ঘৰখনক কেনে পর্যায়লৈ লৈ যাব, সেই বিষয়ে চিন্তা নকৰাটোহে উদ্বেগজনক বিষয় হৈ পৰিছে৷ কিয়নো বিভিন্ন সময়ত মদৰ আড্ডা বিশেষকৈ থলুৱা মদ উৎপাদনৰ ঘাটিসমূহত নাৰী নির্যাতনকে ধৰি বিভিন্ন অসামাজিক কার্য সংঘটিত হৈ অহা দেখা গৈছে৷ তেনে অৱস্থাত আবকাৰী বিভাগে পৰম্পৰাগত নিচাযুক্ত পানীয় উৎপাদনত মহিলাসকলক নিলগাই ৰখাৰ চিন্তা কৰিব নোৱাৰাটো অতি ভয়ংকৰ পদক্ষেপ হিচাপেহে বিভিন্নজনে মন্তব্য কৰে৷ এক অর্থত এখন ঘৰ বা এটা পৰিয়ালৰ ভৱিষ্যতৰ দিশতকৈও ৰাজহ সংগ্রহৰ লক্ষ্য আগত ৰাখি আবকাৰী বিভাগটোৱে পৰম্পৰাগত নিচাযুক্ত পানীয়সমূহৰ উৎপাদনত মহিলাক জড়িত কৰি সেই মদৰ ব্যাপক প্রচলনতহে গুৰুত্ব দিছে৷ যিটো সময়ত ৰাজ্যখনৰ চহৰে–নগৰে, গাঁৱে–ভূঞে বিলাতী সুৰাৰ বিপণী, বাৰ, দেশীয় সুৰাৰ বিপণীয়ে নতুন প্রজন্মক ধ্বংসৰ দিশলৈ লৈ গৈছে, সেই সময়তে পর্যটকক অসমৰ বৈচিত্র্য আৰু জনজাতীয় স্বাদ দিয়াৰ নামত পৰম্পৰাগত নিচাযুক্ত পানীয়সমূহৰ বাণিজ্যিকীকৰণ কিমান ভয়াৱহ হ’ব পাৰে, সেয়াহে চিন্তনীয় বিষয়৷ কিয়নো পৰম্পৰাগত নিচাযুক্ত পানীয়সমূহ ব্যাপক ৰূপত বাণিজ্যিকীকৰণ হৈ উঠিলেই স্বাভাৱিকতে সেই পানীয়ৰ প্রতি নির্দিষ্ট জনগোষ্ঠীৰ মাজতেই সীমাবদ্ধ নাথাকিব৷ বিস্তাৰিত ৰূপত অতি কম মূল্যত উপলব্ধ এই পানীয় সমাজৰ সর্বস্তৰলৈ বিয়পি পৰিব৷

You might also like