নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেৰিব্রেল পালছীত আক্রান্ত শিশুৰ বাবে ১২ জানুৱাৰীত বিশেষ শিবিৰ

নিউজ লাইভৰ ‘আশা’ অনুষ্ঠানত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ জন্মগত স্নায়ুৰোগ, চেৰিব্রেল পালছীত আক্রান্ত শিশুসকলৰ চিকিৎসা সেৱাৰ বাবে অহা ১২ জানুৱাৰীত জি এম চি এইচত পঞ্জীয়ন শিবিৰৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে৷ ‘নিউজ লাইভ’ৰ ‘আশা’ অনুষ্ঠানত অংশগ্রহণ কৰি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ মন্ত্রী ড০ শর্মাই কয় যে চেৰিব্রেল পালছীৰ ক্ষেত্রত ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে আজিলৈ কোনো কার্যসূচী গ্রহণ কৰা নাই৷ কিন্তু একাংশ শিশু চেৰিব্রেল পালছীত আক্রান্ত হোৱাৰ পৰিপ্রেক্ষিতত অহা ১২ জানুৱাৰীৰ পৰা জি এম চি এইচত পঞ্জীয়ন শিবিৰৰ ব্যৱস্থা কৰা হৈছে৷ প্রথমটো পঞ্জীয়ন শিবিৰ অহা ১২ জানুৱাৰীত অনুষ্ঠিত হোৱাৰ পাছত প্রত্যেক মাহে জি এম চি এইচত এই শিবিৰ অনুষ্ঠিত হ’ব৷ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্রত যিহেতু বহুকেইটা থেৰাপীৰ প্রয়োজন হয়, সেয়ে প্রতিটো শিশুৰ চিকিৎসাৰ বাবে পঞ্জীয়নৰ দিনাই স্বাস্থ্য বিভাগে ৫০ হাজাৰ টকাকৈ আর্থিক সাহায্য আগবঢ়াব৷

তদুপৰি প্রতিমাহে সেইসকল শিশুৰ মাতৃৰ বেংক একাউণ্টত ২,৫০০ টকাকৈ দিয়া হ’ব৷ অহা ১২ জানুৱাৰীৰ পুৱা ১০ বজাৰ পৰা জি এম চি এইচত হ’বলগীয়া প্রথমটো পঞ্জীয়ন শিবিৰত তেনে ৰোগত আক্রান্ত শিশুৰ চিকিৎসাৰ নথিপত্র লৈ পিতৃ–মাতৃক উপস্থিত হ’বলৈ মন্ত্রী ড০ শর্মাই অনুৰোধ জনায়৷ স্মর্তব্য যে স্বাস্থ্য বিভাগৰ স্নেহস্পর্শ আঁচনিৰ অধীনত ১২ বছৰ পর্যন্ত শিশুসকলে উক্ত শিবিৰত নাম পঞ্জীয়ন কৰাৰ পাছতেই চিকিৎসা সেৱা লাভ কৰিব৷ মন কৰিবলগীয়া এয়ে যে বিভিন্ন জটিল ৰোগত আক্রান্ত ৰাজ্যখনৰ ভিন্ন প্রান্তৰ ৩০টা শিশুৰ পৰিয়ালৰ সৈতে বিশেষজ্ঞ চিকিৎসকসহ মন্ত্রী ড০ শর্মাই আজি ‘নিউজ লাইভ’ৰ ‘আশা’ অনুষ্ঠানৰ জৰিয়তে মত বিনিময় কৰি তেওঁলোকৰ চিকিৎসাৰ বাবে বিভিন্ন পৰামর্শ আগবঢ়ায়৷ ইয়াৰ পূর্বে মন্ত্রী ড০ শর্মাই একেই অনুষ্ঠানতে দুটাকৈ খণ্ডত ৩০টা আক্রান্ত শিশুৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰে আৰু ইতিমধ্যে ৩০টাকৈ শিশুৰ চিকিৎসাৰ ব্যৱস্থা কৰে৷

You might also like