নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসামাজিক কাৰ্যত বাধা দিয়া অসমৰ যুৱকক বংগত মাৰপিট

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিল : অসম-বংগ সীমান্তৰ বংগ ভূমিৰ জয়গুৰুত যোৱানিশা অবৈধ জুৱা খেল আৰু অশ্লীল নাচ-গান পৰিবেশন কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ বাবেই ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত কামানডাংগাকুটী গাঁৱৰ এজন যুৱকক প্ৰচণ্ড মাৰপিট কৰি মূমূৰ্ষ অৱস্থাত পেলাই থৈ দিয়াৰ ঘটনাই সীমান্তবৰ্তী অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। উল্লেখ্য যে অসমৰ সীমাৰ পৰা মাত্ৰ পাঁচশ মিটাৰ দূৰত পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ বক্সিৰহাট থানাৰ অন্তৰ্গত ফলিমাৰী জয়গুৰুত প্ৰতিনিশাই চলে অবৈধ জুৱা খেল আৰু অশ্লীল নৃত্য। কেবল অসমৰ একাংশ জুৱাৰী আৰু যুৱকৰ ওপৰত নিৰ্ভৰ কৰিয়েই এচাম সুবিধাবাদী লোকে জয়গুৰুত গঢ়ি তুলিছে অবৈধ জুৱা খেল আৰু অশ্লীল নৃত্যৰ অনুষ্ঠান। সন্ধিয়া হলেই জয়গুৰুত নিতৌ পশ্চিমবংগৰ উপৰি অসমৰ একাংশ জুৱাৰী-যুৱকে ভিৰ কৰে। উক্ত অসামাজিক কাৰ্যৰ কবলত পৰি অসমৰ এচাম যুৱক সৰ্বশান্ত হৈ পৰিছে। সীমান্তৱৰ্তী অঞ্চলটোৰ পৰিৱেশ বিনষ্ট হোৱাত অসমৰ একাংশ লোকে অবৈধ জুৱা খেল আৰু অশ্লীল নৃত্য বন্ধ কৰাৰ বাবে বাধা প্ৰদান কৰি আহিছে। কালিও সন্ধিয়া অসমৰ তামাৰহাট থানাৰ অন্তৰ্গত কামানডাংগাকুটী গাঁৱৰ আনোৱাৰ হুছেইন নামৰ লোকজনে উক্ত কাৰ্য্যত বাধা প্ৰদান কৰে। ফলত সুবিধাবাদী স্বভাৱৰ আয়োজক কমিটীৰ লোকে আনোৱাৰ হুছেইনক প্ৰচণ্ড মাৰপিট কৰি সংকটজনক অৱস্থাত পেলাই থৈ যায়। পশ্চিমবংগৰ কাজিনুৰ ইছলাম, ছানিদুল শ্বেখ আৰু তমেজ আলীৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হয় অসমৰ যুৱক আনোৱাৰ হুছেইন। পিছত আহত যুবক জনক স্থানীয় ৰাইজ আৰু আত্মীয়ই মূমূৰ্ষ অলস্থাত উদ্বাৰ কৰি প্ৰথমে কামানডাংগা উপ-স্বাস্থ্য কেন্দ্ৰ আৰু পিছত তামাৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰে যদিও সুস্থ নোহোৱাত উন্নত চিকিৎসাৰ বাবে আনোৱাৰ হুছেইনক গৌৰীপুৰ নাৰ্ছিং হোমলৈ নিয়া হয়। গৌৰীপুৰ নাৰ্ছিংহোম কৰ্তৃপক্ষই গুৰুতৰভাবে আহত আনোৱাৰক ওভতাই দিয়াত পৰিয়ালৰ লোকে তেওঁক উন্নত চিকিৎসাৰ বাবে পশ্চিমবংগলৈ লৈ যায়। মন কৰিবলগীয়া যে সোনকোষ নদী পাৰ হৈ ভৌগোলিকভাবে অতি দূৰ্গম অঞ্চল জয়গুৰু বজাৰত আহিব নোৱাৰে পশ্চিমবংগৰ আৰক্ষী আৰু অসমৰ সীমা পাৰ কৰি পশ্চিমবংগত যাব নোৱাৰে অসম আৰক্ষী। তাৰে সুযোগ গ্ৰহণ কৰি প্ৰতিদিনে জয়গুৰু বজাৰত চলে অসমাজিক কাৰ্য্যকলাপ। ইপিনে আন ৰাজ্য পশ্চিমবংগত ঘটনা সংঘটিত হোৱাৰ ফলত অসমৰ আৰক্ষীয়ে তদন্ত চলাব পৰা নাই। অৱশেষত পশ্চিমবংগ আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালৰ লোক। অভিযোগ মতে পশ্চিমবংগত উক্ত অসমাজিক কাৰ্য্যকলাপ পৰিচালনা কৰাৰ ক্ষেত্ৰত অসমৰ একাংশ ব্যক্তিয়ে উৎসাহ প্ৰদান কৰাৰ লগতে সহায় আগবঢ়াই আহিছে। বংগত সংঘটিত মাৰপিটৰ ঘটনাক অসম আৰক্ষীয়ে হস্তক্ষেপ কৰিব নোৱাৰিলেও যিসমূহ অসমৰ অসামাজিক ব্যক্তিৰ উদ্যোগত সেই কাৰ্য্য চলি আছে অসম আৰক্ষীয়ে সেই সমূহ ব্যক্তিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয় ।

প্ৰেৰক ৰেজাউল কৰিম প্ৰধানী

You might also like