নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত আলোকচিত্ৰশিল্পী নলিনী বৰুৱাৰ ৯৪সংখ্যক ওপজা দিন পালন

🔴প্ৰকৃত শিল্পীয়ে মৃত্যুৰ মুহূৰ্তলৈকে অন্বেষণ কৰে শ্ৰেষ্ঠ শিল্প : নলিনী বৰুৱা

🔴কেমেৰাৰ লেন্সৰে মন মগজুৰে এগৰাকী প্ৰকৃত শিল্পী নলিনী বৰুৱা : ড০ ভূপেন শইকীয়া

বাৰ্তা ব্যুৰ’, তেজপুৰ, ২২ এপ্ৰিল : প্ৰকৃতিৰ বুকুত কেমেৰাৰ লেন্সেৰে সৃষ্টিশীলতাৰ সন্ধান কৰি সেই সৃষ্টিক শিল্পলৈ পৰিণত কৰা তেজপুৰৰ সমাজ জীৱনৰ আটাইতকৈ বৰ্ষীয়ান তথা আজিও দুৰন্ত তৰুণৰ দৰে সপ্ৰতিভ হৈ থকা শিল্পী গৰাকীয়ে আজি ৯৩ বসন্ত গৰকী ৯৪ত ভৰি দিলে। তেজপুৰৰ সকলো সামাজিক-সংস্কৃতিক অনুষ্ঠানৰে মধ্যমণি অশীতিপৰ সেই শিল্পীগৰাকীৰ ওপজা দিনটো আজি তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ লগতে তেজপুৰ সাহিত্য সভাৰ সহযোগত উৎসাহেৰে উদযাপন কৰিলে শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰে। আমেৰিকাৰ ফটোগ্ৰাফী জাৰ্ণেলত ফটো প্ৰকাশ পোৱা অসমৰ একমাত্ৰ আলোকচিত্ৰ শিল্পী, ফটোগ্ৰাফীৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা, অসম চৰকাৰৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক আলোকচিত্ৰ শিল্পী নলিনী নলিনী বৰুৱাৰ ওপজা দিন উলহ মালহেৰে আজি উদযাপন হ’ল তেজপুৰ সাহিত্য সভা ভৱনত। হাতত কেমেৰা লৈ দূৰন্ত তৰুণৰ দৰে আজিও এখন শ্ৰেষ্ঠ ফটোৰ সন্ধানত সৃষ্টিৰ তাড়নাত ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি থকা তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰনী ব্যক্তিত্ব নলিনী বৰুৱা ৯৪সংখ্যক ওপজা দিন উপলক্ষে আজি তেজপুৰ সাহিত্য সভা ভৱনত ওলগ জ্ঞাপন কৰিলে তেজপুৰৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানে। পুত্ৰ মাধুৰ্য্য বৰুৱা, বোৱাৰী দীপা বৰুৱা আৰু কন্যাৰ সৈতে তিনিটাকৈ কেক কাটি আনন্দ উল্লাসেৰে সকলোৱে ভাগ ল’লে অনুষ্ঠানটিত। শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱাই আঁত ধৰা আৰু তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ সম্পাদক বাৰ্লিন কুমাৰ শইকীয়াই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিৰ আৰম্ভণিতে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়াই আলোকচিত্ৰ শিল্পৰ গুৰুত্ব আৰু ইতিহাস সদৰি কৰি নলিনী বৰুৱা মন মগজুৰে যে এগৰাকী প্ৰকৃত অৰ্থত শিল্পী সেই কথা তেওঁৰ কালজয়ী আলোকচিত্ৰ সমূহেই প্ৰমাণ কৰি গৈছে বুলি মন্তব্য কৰে। উল্লেখ্য যে তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, তেজপুৰ ফটোগ্ৰাফী ক্লাবৰ সম্পাদক বাৰ্লিন কুমাৰ শইকীয়া, শোণিতপুৰ যোগ সন্হাৰ সম্পাদক নমিতা লহকৰ, শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ তৰফৰ পৰা অপূৰ্ব বৰা, সোঁৱৰণী সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা অনুপ অসমীয়া, সাহিত্য অকাডেমি বঁটা প্ৰাপক, বিশিষ্ট লেখক জ্ঞান বাহাদুৰ ছেত্ৰী, শোণিতপুৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা তৰুণ দাস, অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ সম্পাদক জিন্টু বৰঠাকুৰ, জাফাৰ শোণিতপুৰ জিলা সমিতিৰ সম্পাদক হেমন্ত কুমাৰ নাথ, জ্যেষ্ঠ সাংবাদিক মনোজ বৰা, দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অবনী কুমাৰ শৰ্মা, অধিবক্তা হৰেশ্বৰ গোস্বামী, তেজপুৰ সাহিত্য সভাৰ উপসভাপতি নবীন চন্দ্ৰ লহকৰ আদিয়ে গামোচা, ফুলৰ টোৰা, গ্ৰন্থ, ফল মূল প্ৰদান কৰি ওলগ জ্ঞাপন কৰা অনুষ্ঠানটিত বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁটে অভিনন্দন সূচক ভাষণ প্ৰদান কৰি এই বয়সতো এগৰাকী কৰ্মথ ডেকা ল’ৰাৰ দৰে সপ্ৰতিভ আৰু সপ্ৰাণ হৈ তেজপুৰৰ সকলো সামাজিক – সংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰাই নহয় কেমেৰাৰে সৃষ্টিৰ সন্ধান কৰি সকলোকে উদ্বুদ্ধ কৰি অহাটো এক আশাব্যঞ্জক খবৰ বুলি মন্তব্য কৰে। জ্যেষ্ঠ সাংবাদিক মনোজ বৰাই শিল্পী গৰাকীৰ সান্নিধ্যৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে লগতে শিল্পী নলিনী বৰুৱাইও নিজৰ অনুভব সদৰি কৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা, কথাশিল্পী হোমেন বৰগোহাঞিৰ পৰা ৰাজ্য আৰু দেশৰ বিশিষ্ট ব্যক্তিৰ সান্নিধ্যৰ স্মৃতি সদৰি কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোকচিত্ৰ প্ৰদৰ্শনী সমূহত লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ কথা উল্লেখ কৰে। আনহাতে এগৰাকী শিল্পীৰ নিজৰ শিল্প কৰ্মৰ শ্ৰেষ্ঠত্বৰ অন্ত নাই বুলি মন্তব্য কৰি প্ৰকৃত শিল্পীয়ে মৃত্যুৰ মুহূৰ্তলৈকে সৃষ্টিৰ সন্ধান কৰি শ্ৰেষ্ঠ শিল্পৰ অন্বেষণ কৰি যায় বুলি কয়।

প্ৰেৰক পুলক ডেকা

You might also like