নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনসাধাৰণৰ উন্নতি সাধনত চূড়ান্ত ব্যৰ্থ কংগ্ৰেছ : অতুল বৰা

🔴”আলজামিয়াতুল ইসলামিয়া খানক্কায়েমদনী”ৰ অধ্যক্ষক সাক্ষাৎ অতুল বৰা-কেশৱ মহন্তৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ এপ্ৰিলঃ শিলচৰতো অক্ষুণ্ণ আছে মিত্ৰজোঁটৰ প্ৰতি ৰাইজৰ বিপুল সমৰ্থন- এই মন্তব্য অগপ সভাপতি অতুল বৰাৰ। আজি অগপৰ কাছাৰ জিলা সমিতিৰ কাৰ্যালয়ত আয়োজিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণত এই মন্তব্য কৰে সভাপতিগৰাকীয়ে। লগতে উক্ত সভাত সভাপতি বৰাই জিলাখনৰ বিভিন্ন স্তৰৰ দলীয় সতীৰ্থসকলক সম্বোধন কৰে। সভাত সভাপতি বৰাই কয়, কংগ্ৰেছে দীঘলীয়া সময় শাসনত থাকিও জনসাধাৰণে বিচৰা উন্নয়ন সাধন কৰিব নোৱাৰিলে, কিন্তু কম সময়ৰ ভিতৰত জনসাধাৰণৰ আশা-আকাংক্ষাক গুৰুত্ব দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত কেন্দ্ৰত আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত এনডিএ-চৰকাৰে সৰ্বাংগীণ উন্নয়নৰ ধাৰাক যি নতুন গতি দিছে, সেই ধাৰাক অধিক গতিশীল কৰি ৰখাৰ স্বাৰ্থত শিলচৰ সংসদীয় সমষ্টিৰ মিত্ৰশক্তিৰ প্ৰাৰ্থীগৰাকীক ব্যাপক ভোটৰ ব্যৱধানত লোকসভালৈ নিৰ্বাচিত কৰিবলৈ সভাত উপস্থিতসকলক আহ্বান জনায় সভাপতি বৰাই। উক্ত সভাত শিলচৰ সংসদীয় সমষ্টিৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য ৰ সমৰ্থনত সংসদীয় সমষ্টিটোত অগপৰ কৰ্মকৰ্তাসকলে অব্যাহত ৰখা শেহতীয়া নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভতো দলীয় সতীৰ্থসকলৰ পৰা অৱগত হয় সভাপতিগৰাকী। ইফালে নিৰ্বাচনী সভাৰ শেষত কাছাৰ জিলা সমিতিৰ কাৰ্যালয়ত নতুনকৈ নিৰ্মাণ কৰা সভাকক্ষ এটিৰো উদ্বোধন কৰে অগপ সভাপতি অতুল বৰাই। লগত উপস্থিত থাকে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত। উক্ত সভাত সভাত অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দিলীপ পাটগিৰি, সাধাৰণ সম্পাদকদ্বয় বিমলেন্দু সিনহা আৰু সুনীল ডেকা প্ৰমুখ্যে কেন্দ্ৰীয় সমিতিৰ সম্পাদক, কাছাৰ জিলা সমিতিৰ সভাপতি তথা অন্যান্য বিষয়ববীয়া, শিলচৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি সমিতিসমূহৰ সভাপতি-সম্পাদকসকল আৰু অন্যান্য বিষয়ববীয়া, দলৰ ভাতৃ-ভগ্নী সংগঠনৰ কাছাৰ জিলাৰ বিষয়ববীয়া আৰু অন্যান্য দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে। ইফালে কাছাৰ জিলাৰ বাশকান্দিৰ গোৱিন্দপুৰস্থিত “আলজামিয়াতুল ইসলামিয়া খানক্কায়েমদনী” মাদ্ৰাছাখনত আজি উপস্থিত হৈ প্ৰতিষ্ঠানখনৰ অধ্যক্ষ হজৰত মৌলানা আহমদ চৈয়দ চাহেবক সৌজন্যমূলক সাক্ষাৎ কৰে মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই।

You might also like