ডিজিটেল ডেস্ক, ৬ ফেব্রুৱাৰী : বিশ্বৰ আটাহতকৈ সর্বকনিষ্ঠ সাঁতোৰবিদ হিচাপে অভিলেখ অসমৰ কিউচেংহান ফুকনৰ ৷ ৭ বছৰীয়া কিউচেংহান ফুকনে মহাৰাষ্ট্রৰ আৰব সাগৰত সাঁতুৰি ৰচিলে এই ইতিহাস৷ মাত্র ৩ ঘণ্টা ২৯ মিনিটতে এলিফেণ্টা দ্বীপৰ পৰা মুম্বাইৰ গেটৱে’ অৱ ইণ্ডিয়ালৈকে সাঁতুৰি সকলোকে আচৰিত কৰি তুলিলে কণমানি কিউচেংহানে৷
উত্তৰ–পূব ভাৰতৰ পৰা প্রথমগৰাকী মহিলা সাঁতোৰবিদ হিচাপে আৰব সাগৰত মাত্র ৩ ঘণ্টা ২৯ মিনিটত ১৩ কিলোমিটাৰ পথ সাঁতুৰি পাৰ হৈ তেওঁ সমগ্র অসমকে গৌৰৱান্বিত কৰি তুলিছে৷ চৰাইদেউ জিলাৰ চেপনৰ হলৌগুৰিৰ বাসিন্দা কিউচেংহানৰ পৰিয়ালটো সম্প্রতি গুৱাহাটীৰ ছয়মাইলত থাকে৷ তেওঁৰ পিতৃ হেমাংগ ফুকন আৰু মাতৃ ৰিমলী হাজৰিকা ফুকন৷ গুৱাহাটীৰ সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পৰ ড০ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত প্রশিক্ষণ গ্রহণ কৰি থকা কিউচেংহানৰ এই কৃতিত্বক লৈ আনন্দিত অসম সাঁতোৰ সন্থা৷
এলিফেণ্টা দ্বীপৰ পৰা মুম্বাইৰ গেটৱে’ অৱ ইণ্ডিয়ালৈকে এই পথছোৱা ভাৰতৰ অন্যতম প্রত্যাহ্বানমূলক আৰু ভয়ংকৰ সাগৰীয় পথ হিচাপে জনা যায়৷ কিন্তু সেই সাগৰীয় পথ অসমৰ মাত্র ৭ বছৰীয়া কণমানিজনীয়ে সাঁতুৰি পাৰ হোৱাটো মুম্বাই বা অসমৰ বাবেই নহয়, সমগ্র দেশৰ বাবে ঐতিহাসিক মুহূর্ত হিচাপে বিবেচিত হৈছে৷ কিউচেংহানে এলিফেণ্টা দ্বীপৰ পৰা দুপৰীয়া ২.৩৬ বজাত সাঁতুৰিবলৈ আৰম্ভ কৰে৷ যথেষ্ট সোঁত, জাহাজৰ গতিবিধি আৰু সাগৰীয় পৰিস্থিতিৰ সৈতে যুঁজি অৱশেষত সন্ধিয়া ৬.০৫ বজাত ১৩ কিলোমিটাৰ অতিক্রম কৰি গেটৱে’ অৱ ইণ্ডিয়াত উপস্থিত হয়৷ কিউচেংহানৰ এই অভিলেখে নিশ্চিতভাৱে অসমবাসীক গৌৰৱান্বিত কৰিছে৷