মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সত্ৰ উন্নয়নৰ বাবে আগবঢ়োৱা অনিৰ্ধাৰিত পুঁজিৰ অধীনত ১ কোটি টকাৰে নিৰ্মাণ হ’ব লগা ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী ৰঘুনাথ সত্ৰৰ মণিকূটৰ আধাৰশিলা স্থাপন কৰি স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈক হুংকাৰ প্ৰদান কৰে ৷
“আমাৰ দেৱালয়, আমাৰ মন্দিৰ আমাৰ সত্ৰক অপবিত্ৰ নকৰিব গৌৰৱ গগৈ। আপুনি মন্দিৰত যাব খোজে যাওঁ আমাৰ ক’ব লগা একো নাই, কিন্তু মন্দিৰত যাওঁতে যদি মিঞাক লগত লৈ যায়, হিন্দু সমাজে ইয়াৰ প্ৰতিবাদ জনাব ৷” কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈক ঢেকীয়াজুলিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে ঢেকীয়াজুলিৰ পৰা এনেদৰে হুংকাৰ প্ৰদান কৰে ৷
মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত গৌৰৱ গগৈক হুংকাৰ দি কয় যে কংগ্ৰেছৰ এটা নতুন পৰম্পৰা সৃষ্টি হৈছে । কংগ্ৰেছীয়ে মিঞাবিলাকক লগত লৈ মন্দিৰ, সত্ৰলৈ যোৱা আৰম্ভ কৰিছে। মন্দিৰত যাওঁ কিন্তু মিঞাক লগত লৈ নহয় । মন্দিৰত গৈ মিঞাক হিন্দু দেৱালয়ত সোমাই দিব এয়া হিন্দুসকলে কেতিয়াও সহ্য নকৰে। মিঞাৰ পৰা যদি এই অঞ্চলক বচাব পাৰে একমাত্ৰ বিজেপিয়ে বচাব পাৰিব। এই যুঁজ বিজেপি আৰু কংগ্ৰেছৰ যুঁজ নহয় ৷ এই যুঁজ আমাৰ ধৰ্ম-সভ্যতাৰ লগতে অস্তিত্বৰ লগত অচিনাকি মানুহ মানে মিঞাৰ লগত যুঁজ। মিঞাৰ লগত যুঁজত আমি জয় হ’ব লাগিব, জিকিব লাগিব, সংঘৰ্ষ কৰিব লাগিব বুলি মন্তব্য কৰে মন্ত্ৰী সিংহলে ৷
উল্লেখ্য যে ১৩ মে’ ২০২৩ বৰ্ষত শ্বহীদ নগৰী ঢেকীয়াজুলিৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী ৰঘুনাথ সত্ৰৰ দৌল মন্দিৰৰ শুভ উদ্বোধন কৰাৰ সময়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শ্ৰীশ্ৰী ৰঘুনাথ সত্ৰৰ মূল মণিকূটভাগি ন ৰূপত নিৰ্মাণ কৰাৰ বাবে ১ কোটি টকা অনুদান দিয়াৰ কথা ঘোষণা কৰিছিল । আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কথা দি কথা ৰাখিলে বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে শ্ৰীশ্ৰী ৰঘুনাথ সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি তথা উন্নয়ন সমিতিৰ সভাপতি উৎপল শইকীয়া আৰু শ্ৰীশ্ৰী ৰঘুনাথ সত্ৰৰ পৰিচালনা সমিতিৰ সম্পাদক টংকেশ্বৰ দাসে ৷
শ্ৰীশ্ৰী ৰঘুনাথ সত্ৰৰ মূল মণিকূটভাগিৰ আধাৰশিলা স্থাপন অনুষ্ঠানলৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলক গায়ন-বায়ন, খোল-তালেৰে আদৰি অনাৰ পিছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সত্ৰ উন্নয়নৰ বাবে আগবঢ়োৱা অনিৰ্ধাৰিত পুঁজিৰ অধীনত ১ কোটি টকাৰে নিৰ্মাণ হ’ব লগা ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী ৰঘুনাথ সত্ৰৰ মণিকূটৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে ৷
বিশেষ বাৰ্তা, ঢেকীয়াজুলি, ৬ ফেব্ৰুৱাৰী :