অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি থকা শ্ৰদ্ধা, ভালপোৱা আৰু অনুপ্ৰেৰণাকে সাৰোগত কৰি অভিজ্ঞতা নথকা সত্ত্বেও আৰু পৰ্যাপ্ত সজুঁলি নোহোৱাকৈয়ে নগাঁও পুৰণিগুদামৰ এগৰাকী কিশোৰে নিৰ্মাণ কৰি উলিয়ালে এখন acoustic guitar ৷ জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক নীলৰঞ্জন শৰ্মাৰ একমাত্ৰ পুত্ৰ ভৱাৰ্ণৱ ভৰদ্বাজ নামৰ কিশোৰজনে ঘৰতে নিজ হাতে নিৰ্মাণ কৰা গীটাৰখনত জুবিন গাৰ্গৰ এখন ছবিৰ লগতে জুবিনে কোৱা কেতবোৰ শাশ্বত আৰু স্মৰণীয় উক্তি অংকন কৰি গীটাৰখন সজাবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হয় ৷ যোৱা ২৩ মে’ত নগাঁৱৰ টুৰিষ্ট ল’জত জুবিন গাৰ্গৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গ, কিংবদন্তী শিল্পীগৰাকীৰ সহযোগী সংগীত শিল্পী ক্ৰমে ৰাজা বৰুৱা, দিগন্ত শৰ্মা, পাৰ্থ গোস্বামী আৰু প্ৰিয়াংকু বৰদলৈয়ে নতুন আকৃতিৰ গীটাৰখন হাতত তুলি লৈ অভিভূত হৈ পৰে ৷
উল্লেখ্য যে উক্ত দিনা নগাঁৱৰ লক্ষীনগৰ চাৰিআলিত সুৰভি সাংস্কৃতিক গোষ্ঠীৰ ৩৩ সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে আয়োজিত ব’হাগী উৎসৱ আৰু জুবিন গাৰ্গ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াত জুবিন গাৰ্গ শ্ৰদ্ধাঞ্জলি ‘যন্ত্ৰ’ লাইভ ইন কনচাৰ্টে অনুষ্ঠান পৰিৱেশন কৰে ৷ অনুষ্ঠান পৰিৱেশনৰ পূৰ্বে নগাঁৱৰ ছোৱালী মহাবিদ্যালয়ৰ সমীপত নিৰ্মিত জুবিন উদ্যানত নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আঁত ধৰা এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গৰিমা শইকীয়া গাৰ্গ প্ৰমুখ্যে ‘যন্ত্ৰ’ৰ সংগীত শিল্পীসকলে শ্ৰদ্ধা জ্ঞাপন কৰি গুণমুগ্ধসকলৰ সন্মুখত মনৰ অনুভৱ ব্যক্ত কৰে ৷
পৰৱৰ্তী সময়ত নগাঁৱৰ টুৰিষ্ট ল’জত ভৱাৰ্ণৱে অতি কষ্টৰে নিৰ্মাণ কৰা জুবিন সোঁৱৰণী গীটাৰখন গৰিমা শইকীয়া গাৰ্গ আৰু ৰাজা বৰুৱাকে প্ৰমুখ্য কৰি ‘যন্ত্ৰ’ লাইভ ইন কনচাৰ্টৰ বিশিষ্ট গীটাৰবাদকসকলৰ হাতত হেঁপাহেৰে তুলি দিয়ে ৷ জানিব পৰা মতে, ভবাৰ্ণৱ ভৰদ্বাজে নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামস্থিত বাপুজী ভৱন আৰু পুথিভঁৰালৰ দ্বাৰা পৰিচালিত ‘পুৰণিগুদাম সংগীত বিদ্যালয়’ৰ পৰা কুলপ্ৰদীপ দাস আৰু পবিত্ৰ বৰাৰ তত্ত্বাৱধানত ভাটখাণ্ডেৰ তবলা বিশাৰদ সম্পূৰ্ণ কৰাৰ লগতে অনিৰ্বাণ চিত্ৰাংকন বিদ্যালয়তো চিত্ৰকলাৰ শিক্ষা গ্ৰহণ কৰি আছে ৷ ভবাৰ্ণৱ মিছা কেন্টস্থিত পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ৷
নিয়মীয়া বাৰ্তা, পুৰণিগুদাম, ২৪ মে’ :