নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত সাঁচিপাত ভৱনত গুৰুজনাৰ অমিয়া সৃষ্টিৰ শিক্ষা-প্ৰশিক্ষণ

🔹 তিলক চন্দ্র মজুমদাৰ সংস্কৃতি সত্ৰৰ আদৰণীয় পদক্ষেপ

নিয়মীয়া বাৰ্তা, ২২ মে’ : মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে অসমত বসবাস কৰা বিভিন্ন ভাষা-ভাষী, জাতি-জনগোষ্ঠীৰ লোকৰ শৰীৰ-মন-আত্মাৰ উৎকর্ষ সাধন কৰি সমন্বয় সাধন কৰাৰ মহান প্রয়াস কৰিছিল। এনে লক্ষ্য-উদ্দেশ্যকে সাৰোগত কৰি সুন্দৰ আৰু আধ্যাত্মিক চিন্তাধাৰাৰে সত্রীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ আৰু গুণগত শিক্ষাদানৰ উদ্দেশ্যে সংগীত সত্র, গুৱাহাটীৰ অনুমোদিত পাঠ্যক্ৰমৰ আধাৰত অভিজ্ঞ গুৰুৰ দ্বাৰা নগাঁৱত সংগীত, কলা, নৃত্য, বাদ্য, বৰগীত, ভাওনা আদি বিষয়ত শিক্ষাদান আৰু প্রশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। অহা জুন মাহত নগাঁৱৰ আমোলাপট্টিস্থিত শংকৰী সংস্কৃতিৰ স্বনামধন্য গৱেষক, প্ৰাক্তন অধ্যাপক তিলক চন্দ্ৰ মজুমদাৰৰ ‘সাঁচিপাত ভৱন’ত অনুষ্ঠানভাগি আৰম্ভ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ উদ্যোক্তাসকলে সকলোকে অনুষ্ঠানটিৰ লগত জড়িত হৈ শিক্ষাদান আৰু প্রশিক্ষণ গ্রহণ কৰাৰ লগতে মহান অনুষ্ঠানটিৰ পৰিচালনাৰ এক অংশীদাৰ হৈ অনুষ্ঠানটিৰ উত্তৰণ সাধন কৰিব বুলি আশা প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে একালৰ সুদক্ষ আৰু জনপ্ৰিয় অভিনেতা তথা প্ৰাক্তন মন্ত্ৰী উমেশ দাসে তিলক চন্দ্ৰ মজুমদাৰ সংস্কৃতি সত্ৰ শীৰ্ষক অনুষ্ঠানটিৰ সভাপতিৰ দায়িত্ব বহন কৰাৰ বিপৰীতে সম্পাদকৰ দায়িত্ব বহন কৰিছে শিক্ষক মৃদুপৱন বৰাই ৷ সবিশেষ জানিবলৈ ৯৬১৩২৫১১৮৭ অথবা ৯১০১০৮০৭৬৭ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি সভাপতি-সম্পাদকে জনাইছে ৷

প্ৰেৰক প্ৰাঞ্জল বৰদলৈ

You might also like