নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাই মিৰিত শ্ৰীশ্ৰী মদ্ভাগৱত সপ্তাহ জ্ঞান গংগা অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২২ মে’ : শোণিতপুৰৰ সোণাই মিৰি নেপালী গাঁৱৰ সোণাই মিৰি প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত ১৯ মে’ৰ পৰা সোণাই মিৰি নেপালী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ লোক্ৰা-চাৰিদুৱাৰৰ লগতে শোণিতপুৰবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী মদ্ভাগৱত সপ্তাহ জ্ঞান গংগা অনুষ্ঠান । অনুষ্ঠানত ভাগৱত মঞ্জৰী খ্যাত ৰাধিকা দাসীয়ে ৰাইজৰ আগত ভাগৱত পাঠ, ব্যাখ্যা, ভজন-কীৰ্তন আদি সম্পাদন কৰা কাৰ্য বিগত তিনিদিনে অব্যাহত ৰাখিছে । অনুষ্ঠানৰ লগত সংগতি ৰাখি ভাওনা প্ৰদৰ্শনৰো ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে । অনুষ্ঠানত অঞ্চলটোৰ লগতে বিভিন্ন স্থানৰ হাজাৰ হাজাৰ ভক্তিপ্ৰাণ লোকে অংশগ্ৰহণ কৰি ভাগৱত পাঠ, ব্যাখ্যা শ্ৰৱণ-কীৰ্তন কৰিছেহি। অনুষ্ঠানত কালি উপস্থিত হয় নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা । হাজৰিকাই ভাগৱত কীৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে । উল্লেখ্য যে অহা ২৬ মে’লৈকে অব্যাহত থাকিব উক্ত শ্ৰীশ্ৰী মদ্ভাগৱত সপ্তাহ জ্ঞান গংগা অনুষ্ঠান ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like