নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৯ ঘণ্টা ৰেগিং ৱয়ানাড়ৰ চিকিৎসা বিজ্ঞানৰ ছাত্রক

🔹 কেৰালাৰ শিক্ষার্থীৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চিবিআইক

বিশেষ বাৰ্তা, ৮ এপ্রিল : কেৰালাৰ ৱয়ানাড়ত চিকিৎসা বিজ্ঞানৰ ছাত্র সিদ্ধার্থন জেছেৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্তৰ দায়িত্ব ল’লে চিবিআয়ে৷ যোৱা ১৮ ফেব্রুৱাৰীত হোষ্টেলৰ বাথৰুমৰ পৰা উদ্ধাৰ হৈছিল সিদ্ধার্থনৰ চিপ লৈ থকা মৃতদেহ৷ আৰক্ষীৰ প্রাথমিক ধাৰণা অনুসৰি আত্মহত্যা কৰিছে চিকিৎসা বিজ্ঞানৰ ছাত্রজনে৷ কিন্তু মৃত ছাত্রজনৰ পৰিয়ালে বাৰে বাৰে দাবী কৰি আহিছে যে তেওঁলোকৰ সন্তান ৰেগিঙৰ চিকাৰ হৈছে৷ পৰিয়ালৰ এই দাবীৰ প্রতি মান্যতা দিছে আৰক্ষীয়ে৷ সংবাদ মাধ্যমৰ সূত্রই সদৰী কৰা অনুসৰি, ৰেগিং সহ্য কৰিব নোৱাৰি আত্মহননৰ পথ গ্রহণ কৰে সিদ্ধার্থনে৷ ২৯ ঘণ্টা ধৰি ছিনিয়ৰ ছাত্র তথা সহপাঠীসকলে ছাত্রজনক বিভিন্ন ধৰণে আতিশয্য চলাইছিল বুলি পোহৰলৈ আহিছে তথ্য৷ ইয়াৰ পিছতে উত্তাল হৈছে দক্ষিণৰ ৰাজ্যখন৷

You might also like