নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপৰ সভাত মানুহ নেদেখা সকল কুকুৰীকণাঃ মন্ত্ৰী অতুল বৰা

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ “অগপৰ জাতীয় সমাৰোহত মানুহ নহয়! আঞ্চলিক দলটো এৰি অন্য দললৈ বহু নেতা!”- এনে বহু অপপ্ৰচাৰৰ প্ৰত্যুত্তৰ দি ৰণডংকা বজালে অসম গণ পৰিষদে। বিশাল বাইক ৰেলী-গণ সভা অনুষ্ঠিত কৰি শক্তি প্ৰদৰ্শন কৰিলে আঞ্চলিক দলটোৱে।
জাতীয় ঐক্য সমাৰোহত অংশ লৈ মন্ত্ৰী অতুল বৰাই ক’লে- “অগপৰ সভাত মানুহ নেদেখা সকল কুকুৰীকণা, চকুচৰহা!”

ইপিনে এই ঐক্য সমাৰোহতে মন্ত্ৰী অতুল বৰাই ৰাইজক আহ্বান জনায় কয় যে এইবাৰ ৰাইজে কংগ্ৰেছৰ কটা হাত দলিয়াব লাগিব। কংগ্ৰেছ আৰু এআইইউডিএফক শাসনত আনিবৰ বাবেই একাংশই অগপৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি আহিছে বুলিও মন্ত্ৰী বৰাই কয়।

ইপিনে অতীতত কৰা ভুলৰ আত্মশুদ্ধিৰে আগুৱাই আহিছে অসম গণ পৰিষদ। সেয়ে দলটোক ৰাজ্যৰ প্ৰতিটো প্ৰন্ততে ন-ৰূপত সকলোৱে আদৰি লৈছে বুলি মন্তব্য আগবঢ়াই মন্ত্ৰী কেশৱ মহন্তই।

You might also like