নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শদিয়াৰ পৰা ধুবুৰীলৈ কিয় সমদলত অংশ লৈছে সদৰি কৰিলে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ এইবাৰ বিহপুৰীয়াত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশাল চাইকেল ৰেলী। মন্ত্ৰীগৰাকীৰ চাইকেল ৰেলীলৈ অভূতপূৰ্ব সঁহাৰি জনাই উলাই আহিল বিহুপুৰীয়া সমষ্টিৰ হাজাৰ হাজাৰ জনতা। হাড় কঁপোৱা শীত আৰু বৰষুণত তিতি-বুৰিও ২৫ কিঃমিঃ ৰেলীত অংশ ল’লে সহস্ৰাধিক লোকে। ধলপুৰৰ পৰা নাৰায়ণপুৰলৈ কিনকিনিয়া বৰষুণক নেওচি চাইকেল ৰেলীত অংশ লৈ উৎফুল্লিত হৈ পৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

ইপিনে শদিয়াৰ পৰা ধুবুৰীলৈ কিয় সমদলত অংশ লৈছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “মই যেতিয়া চাইকেল চলাইছো বিধৱা মহিলাক লগ পালে সুধিছো-আপোনালোকে অৰুণোদয় আঁচনি পাইছেনে নাই, কেতিয়াবা ডেকা যুৱকসকলক লগ পাই সুধিছো-তোমালোকে চৰকাৰে দিয়া সুবিধাসমূহ পাইছানে নাই..? গতিকে মোৰ এই চাইকেলৰ যাত্ৰাক নিৰ্বাচনৰ সৈতে যুক্ত কৰিব নালাগে। ইয়াৰ সৈতে আমি ৰাইজৰ বাবে যিসমূহ কাম কৰিলো ৰাইজে সেয়া লাভ কৰিছেনে নাই, এক অৰ্থৎ নিজক মন্থন কৰাৰ এক ব্যৱস্থা।”

You might also like