নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডৰ পৰা অসমলৈ অনা হৈছে অত্যাধুনিক অক্সিজেন জেনেৰেটৰঃ প্ৰতি মিনিটত ৫০০০ লিটাৰ অক্সিজেন হ’ব উৎপন্ন

নিয়মীয়া বাৰ্তা ১৩ মেঃ  দেশজুৰি কৰণা মহামাৰীৰ বিভীষিকাৰ মাজতেই ৰাজ্যবাসীলৈ সুখবৰ। সমগ্ৰ দেশজুৰি অক্সিজেনৰ নাটনিয়ে দেখা দিয়াৰ মাজতেই ৰাজ্যলৈ বিদেশৰ পৰা অনা হৈছে অত্যাধুনিক অক্সিজেন উপাদন কৰিব পৰা জেনেৰেটৰ।

ভাৰত চৰকাৰৰ তত্বাৱধানত ইংলেণ্ডৰ পৰা  অসমৰ চিৰাং জিলাৰ কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ত এই অত্যাধুনিক অক্সিজেন উৎপন্ন কৰিব পৰা যন্ত্ৰ স্থাপন কৰা হ’ব।

জানিব পৰামতে যোৱা দেওবাৰে নৰ্থাৰ্ণ আয়াৰলেণ্ডৰ ৰ পৰা দিল্লীলৈ এই অক্সিজেন জেনেৰটৰটো লৈ অহা হৈছে। আজি পুৱা প্ৰায় ৭ বজাত গুৱাহাটীৰ পৰা চিৰাংজিলালৈ তিনিটাকৈ কণ্টেইনাৰ লৈ অনা হৈছে। ইয়াৰোপৰি ফৰেইন কমন ৱেল্থ অফ ডেভলপমেণ্ট অফিছৰ এই প্ৰকল্পৰ অধীনত ১০০০ টাকৈ ভেণ্টিলেটৰ ৰাজ্য খনলৈ প্ৰদান কৰা হৈছে।

আনহাতে তাত উপস্থিত হয়  চিদলী বিধান সভাৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক জয়ন্ত বসুমতাৰী । বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে যে কভিডৰ মাজতে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা চিৰাং জিলাৰ এই জেএচবি অসামৰিক চিকিৎসালয় খনক নিৰ্বাচিত কৰাৰ কাৰণে ভাৰত চৰকাৰ তথা অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে নৱ নিৰ্বাচিত বিধায়ক গৰাকীয়ে । এই দুৰ্যোগৰ সময়ছোৱাত অক্সিজেন উৎপাদনকাৰী প্লান্টটো চিৰাং জিলাত অহাৰ লগে লগে এই জিলা খনৰ লগতে বৃহত্তৰ এলেকাৰ জনসাধাৰণ বহুত উপকৃত হ’ব বুলি মন্তব্য কৰে ।

অনাগত কেইবাদিনৰ ভিতৰত এই জেনেৰেটৰ স্থাপনৰ কাম সম্পন্ন হৈ উঠিব। এই জেনেৰেটৰৰ পৰা প্ৰতি মিনিটত ৫০০০ লিটাৰ  অক্সিজেন উৎপন্ন হ’ব। লগতে একেলগে ৫০ গৰাকী ৰোগীক একেলগে অক্সিজেনৰ যোগান ধৰিব পাৰিব।

You might also like