নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘিলামৰাৰ কান্ত খনিকৰ হাইস্কুলত বঁটা প্ৰদান অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ২৩ এপ্ৰিল : মেধাৱী ছাত্ৰ-ছাত্ৰীক উৎসাহ প্ৰদান আৰু ঘিলামৰা শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি গঠন হোৱা “চেনীৰাম সূত-পদ্মাৱতী সূত স্মাৰক ন্যাস”ৰ সৌজন্যত আজি ঘিলামৰাৰ কান্ত খনিকৰ হাইস্কুলত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হয় পদ্মাৱতী সূত সোঁৱৰণী মেধাৱী সন্মান ২০২৬।

কান্ত খনিকৰ হাইস্কুলৰ প্ৰধান শিক্ষক ভাস্কৰজিত চেতিয়াই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানত ঘিলামৰা শিক্ষাখণ্ডৰ ভিতৰত ২০২৬ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা তণদ্বীপ ভৰালীক পদ্মাৱতী সূত সোঁৱৰণী মেধাৱী সন্মান ২০২৬ প্ৰদান কৰে।

ন্যাসৰ অন‌্যতম সদস্য প্ৰয়াত পদ্মাৱতী সূতৰ কন্যা তথা মৰাণ মহাবিদ্যালয়ৰ অধ্যাপিকা ড° ৰিঞ্জুমণি হাজৰিকাই আঁত ধৰা অনষ্ঠানত ঘিলামৰা শিক্ষাখণ্ডৰ ভিতৰত ৯০.৫ শতাংশ নম্বৰেৰে শীৰ্ষস্থান অধিকাৰ কৰা তণদ্বীপ ভৰালীক পদ্মাৱতী সূত সোঁৱৰণী মেধাৱী সন্মান ২০২৬ প্ৰদান কৰা হয়। ন্যাসৰ হৈ মেধাৱী ছাত্ৰজনক ফুলাম গামোচা, ফুলৰ থোপা, অভিনন্দন পত্র আৰু নগদ দহ হাজাৰ টকা আগবঢ়োৱাৰ লগতে একেখন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংছনসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আনগৰাকী ছাত্ৰী বিপাশা গগৈ আৰু মাতৃ সুলেখা হাজৰিকাকো ন্যাসৰ হৈ সম্বৰ্ধনা জনোৱা হয়।

পিতৃ-মাতৃৰ সোঁৱৰণত আগবঢ়োৱা বঁটা প্ৰদান অনুষ্ঠানত ন্যাসৰ পাচঁগৰাকী সদস্যা ক্ৰমে কান্ত খনিকৰ হাইস্কুলত কৰ্মৰত শিক্ষয়িত্ৰী কবি, লেখিকা দীপামণি হাজৰিকা, মৰাণ মহাবিদ্যালয়ৰ অধ্যাপিকা সুলেখিকা ড° ৰিঞ্জুমণি হাজৰিকা, ঢকুৱাখনা বালিকা মজলীয়া অভ্যাসন বিদ্যালয়ৰ শিক্ষয়িত্ৰী পাম্পু হাজৰিকা, ৰেগাম মহাবিদ্যালয়ৰ অধ্যাপিকা চুমী হাজৰিকা আৰু উজনি ফুকন গাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী লাকী হাজৰিকা উপস্থিত থাকে।

আনহাতে, অনুষ্ঠানৰ প্ৰাৰম্ভণিতে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিৰণ্য হাজৰিকা, ঘিলামৰা গাঁও পঞ্চায়তৰ সভাপতি মোহন হাজৰিকা, বঁটাপ্রাপ্ৰক ছাত্ৰজনৰ পিতৃ-মাতৃ দ্বিপেন ভৰালী আৰু মুনমী গগৈক ন্যাসৰ হৈ সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত কান্ত খনিকৰ হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

উল্লেখ্য যে মেধাৱী ছাত্ৰ-ছাত্ৰীক উৎসাহ প্ৰদান আৰু ঘিলামৰাৰ শৈক্ষিক ক্ষেত্ৰখনৰ পৰিৱেশ উন্নত কৰাৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে প্ৰদান কৰা এই শৈক্ষিক বঁটা প্ৰতিবছৰে প্ৰদান কৰা হ’ব বুলি ন্যাসৰ তৰফৰ পৰা জানিবলৈ দিয়ে।

You might also like