নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ ছেপ্টেম্বৰত সর্বশিক্ষা ঘেৰাও কৰিব সংযোগী শিক্ষাকর্মীয়ে

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ বিশেষ টেট অনুষ্ঠিত কৰাৰ দাবীৰে অহা ১ ছেপ্টেম্বৰত সর্বশিক্ষাৰ কার্যালয় ঘেৰাও কৰিব সদৌ অসম সংযোগী শিক্ষাকর্মী সংস্থাই৷  এক বিবৃতিযোগে এই কথা সদৰী কৰিছে সন্থাৰ সভাপতি আবুল কালাম আৰু সম্পাদক মৃদুল ৰাজবংশীয়ে৷

বিশেষ টেট অনুষ্ঠিত কৰাৰ বাবে অহা ৩০ আগষ্টৰ ভিতৰত তাৰিখ নির্ধাৰণ কৰিবলৈ চৰকাৰক শেষ সময়সীমা বান্ধি দি সন্থাই কয়– ‘পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবীৰে দীর্ঘদিন ধৰি শিক্ষাকর্মীসকলে আন্দোলনৰ কার্যসূচী গ্রহণ কৰি আহিছে৷ তৎসত্ত্বেও শিক্ষাকর্মীসকলে কোনোধৰণৰ সুফল লাভ কৰা নাই৷

পৰৱর্তী সময়ত যোৱা ২৮ ফেব্রুৱাৰীত বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ শিক্ষা বিভাগে ব্যৱস্থা গ্রহণ কৰি প্রার্থীসকলক এডমিট কার্ড প্রদান কৰিছিল৷ কিন্তু নির্বাচনী অধিসূচনা জাৰি হোৱাৰ বাবে উক্ত পৰীক্ষা স্থগিত ৰখাৰ হৈছিল৷ ইয়াৰ পিছত আজিপর্যন্ত বিশেষ টেট অনুষ্ঠিত কৰাৰ ক্ষেত্রত চৰকাৰে কোনো সময় নির্ধাৰণ নকৰিলে৷

You might also like