নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ শিঙিমাৰীত দিনজোৰা কাৰ্যসূচীৰে আয়ুষ্মান ভাৰত স্বাস্থ্য মেলা

নিয়মীয়া বাৰ্তা, ২৭-এপ্ৰিলঃ ৰূপহীহাটত আয়ুষ্মান ভাৰতৰ অধীনত খণ্ড পৰ্যায়ৰ স্বাস্থ্য মেলা। বুধবাৰে ৰূপহীহাটৰ শিঙিমাৰী মোহাম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিঙিমাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আয়ুষ্মান ভাৰত স্বাস্থ্য মেলা অনুষ্ঠিত হয়। উক্ত মেলাৰ শুভ উদ্বোধন কৰে নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক অতুল চন্দ্ৰ পাটৰে। স্বাস্থ্য মেলাৰ লগত সংগতি ৰাখি এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। মেলাত সাধাৰণভাৱে আহৰণ কৰিব পৰা নানা ধৰণৰ পুষ্টিকৰ খাদ্য বস্তু প্ৰদৰ্শিত কৰাৰ লগতে এক সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা শিৱিৰৰো আয়োজন কৰা হয়। সজাগতা সভাত বিতংভাৱে বক্তব্য ৰাখে নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ বিষয়া অতুল চন্দ্ৰ পাটৰ, লাওখোৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া মঞ্জু দাস, কলিয়াবৰ মহকুমা সংখ্যালঘূ উন্নয়ন বৰ্ডৰ অধ্যক্ষ ইমৰান হুছেইনৰ লগতে সমাজ কৰ্মী আবুল বাশ্বাৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে খণ্ড প্ৰাথমিক স্বাস্থ্য বিষয়া তপন কুমাৰ শইকীয়াই। উক্ত অনুষ্ঠানটিত জিলা স্বাস্থ্য বিভাগৰ মূৰব্বীৰ লগতে আশা কৰ্মী আৰু অঙ্গনৱাদী কৰ্মী সকল, চুপাৰভাইজাৰ সকল, গৰ্ভৱতী মহিলা আৰু অঞ্চলটোৰ বহু কেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

প্ৰেৰক জহিৰুল ইছলাম 

You might also like