নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯৮৯ৰ অসম–মেঘালয় কেডাৰৰ আই এ এছ বিষয়া পৱন বৰঠাকুৰ ৰাজ্যৰ নতুন মুখ্য সচিব

বিশেষ বাৰ্তা, ১১ আগষ্টঃ ৰাজ্যৰ নতুন মুখ্য সচিব হিচাপে নিযুক্তি দিছে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ আমোলা তথা ১৯৮৯ৰ অসম–মেঘালয় কেডাৰৰ আই এ এছ বিষয়া পৱন কুমাৰ বৰঠাকুৰক৷ বর্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাই অহা ৩১ আগষ্টত চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰিব৷ বৰুৱাৰ উত্তৰসূৰী হিচাপে আজি ৰাজ্য চৰকাৰে বৰঠাকুৰক অসমৰ পৰৱর্তী মুখ্য সচিব হিচাপে নিযুক্তি দিয়ে৷ আনহাতে, বিদায়ী মুখ্য সচিব জিষ্ণু বৰুৱাক আৰু দুবছৰৰ বাবে এ পি ডি চি এলৰ অধ্যক্ষৰ দায়িত্ব অর্পণ কৰিছে৷ উল্লেখ্য যে কলিয়াবৰৰ শিলঘাটৰ কামাখ্যা গাঁৱত জন্মগ্রহণ কৰা পৱন কুমাৰ বৰঠাকুৰে কামাখ্যা প্রাথমিক বিদ্যালয়ত প্রাথমিক শিক্ষাগ্রহণ কৰি পৰৱর্তী পর্যায়ত কলিয়াবৰ হাইস্কুলত শিক্ষাগ্রহণ কৰে৷ ১৯৭৯ চনত মেট্রিক পৰীক্ষাত অসমৰ ভিতৰতে তৃতীয় স্থান লাভ কৰাৰ লগতে গণিত বিষয়ত সর্বোচ্চ নম্বৰ লাভ কৰে৷ ১৯৮২ চনত কটন কলেজৰ পৰা বিজ্ঞান শাখাত পি ইউ পৰীক্ষাত অৱতীর্ণ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতে সপ্তম স্থান লাভ কৰে৷ ১৯৮২ৰ পৰা ১৯৮৫লৈ দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজত স্নাতক পাঠ্যক্রম অধ্যয়ন কৰে৷ পদার্থ বিজ্ঞান বিষয়ক অনার্ছ হিচাপে লৈ অধ্যয়ন কৰা বৰঠাকুৰে গ’ল্ড মেডেলো লাভ কৰে৷ সেইদৰে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰা বৰঠাকুৰে বিশ্ববিদ্যালয়খনৰ ভিতৰতে ৮০ শতাংশ নম্বৰ লাভ কৰি প্রথম শ্রেণীৰ তৃতীয় স্থান লাভ কৰে৷ শিক্ষা জীৱনত অত্যন্ত মেধাৰ পৰিচয় দিয়া বৰঠাকুৰে ১৯৮৫ত দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা বছৰটোৰ শ্রেষ্ঠ ছাত্র বঁটা লাভ কৰাৰ লগতে অক্সফ’ড–কেমব্রিজ ছ’চাইটীৰ পৰা স্ক’লাৰশ্বিপ লাভ কৰে৷ ১৯৮৯ চনত আই এ এছ লাভ কৰা বৰঠাকুৰে কেন্দ্রীয় অসামৰিক সেৱা পৰীক্ষাত ১৭সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হয়৷ লোকসেৱা আয়োগৰ পৰীক্ষাত তেওঁ পদার্থ বিজ্ঞান আৰু গণিত বিষয় হিচাপে লৈছিল৷ চাকৰি জীৱনত তেওঁ ঢ়কুৱাখনাৰ মহকুমাধিপতি, কোকৰাঝাৰৰ অতিৰিক্ত উপায়ুক্ত, উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ত পৰিষদৰ প্রধান সচিব, কাছাৰৰ উপায়ুক্তৰ দায়িত্বভাৰ পালন কৰাৰ লগতে সাধাৰণ প্রশাসন বিভাগ, সচিবালয় প্রশাসন বিভাগ, শিক্ষা, বিত্ত, পার্ছনেল, উদ্যোগ, মীন, নগৰ উন্নয়ন, সাংস্কৃতিক পৰিক্রমা, ক্রীড়া, পর্যটন, ৰূপান্তৰ আৰু উন্নয়ন আদি বিভাগত কাম কৰে৷ এ পি ডি চি এলৰ প্রথমগৰাকী পৰিচালন সঞ্চালকৰ দায়িত্ব বহন কৰা বৰঠাকুৰে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ বিভাগৰ যুটীয়া সচিব আৰু এগ্রিকালচাৰেল এণ্ড প্রছেছ ফুড প্রডাক্টছ এক্সপ’ট ডিপার্টমেণ্ট অথ’ৰিটীত চেয়াৰমেনৰো দায়িত্বত আছিল৷ প্রশাসনৰ গুৰুদায়িত্ব চম্ভালি অহাৰ সমান্তৰালভাৱে বৰঠাকুৰে সংগীত, সাহিত্য ক্ষেত্রতো যথেষ্ট বৰঙণি আগবঢ়াই আহিছে৷ বৰঠাকুৰৰ এতিয়ালৈকে ‘ধন্য জন্ম ভাৰত বৰিষে’, ‘ইৰৱাদীৰ পগলা ফাটেক আৰু একুৰি কবিতা’, ‘এজন দ্রষ্টাৰ স্বপ্ণ’ আৰু ‘প্রেম, ভালপোৱা আৰু অসংবৃত জীৱন’ নামৰ চাৰিখন অসমীয়া কবিতা পুথি প্রকাশ পাইছে৷ সেইদৰে ‘আই মহেশ্বৰী’ আৰু ‘তোমাৰ কাৰণে’ দুখন গীতৰ চিডিও প্রকাশ কৰিছে৷ গীতিকাৰ হিচাপেও বৰঠাকুৰে শিক্ষাগুৰু, আলাবৈ, পথৰুঘাট, কাজিৰঙা আদি বিষয়বস্তুৰ ওপৰত গীত ৰচনা কৰিছে৷

You might also like