নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বদৰুদ্দিন আজমলৰ মনোনয়ন পত্ৰ দাখিল

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ চতুৰ্থবাৰৰ বাবে ধুবুৰীৰ লোকসভা সমষ্টি দখলৰ লক্ষ্যৰে আজি মনোনয়ন পত্ৰ দাখিল কৰে এআইইউডিএফ ছুপ্ৰিমো তথা স্থানীয় সাংসদ বদৰুদ্দিন আজমলে। ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰ ষ্টেডিয়ামৰ পৰা দলীয় সমৰ্থকৰ পাৰভঙা উছাহৰ মাজেৰে সমদল কৰি আহি ধুবুৰীৰ জিলা আয়ুক্ত দিবাকৰ নাথৰ ওচৰত নিজৰ মনোনয়ন পত্ৰ জমা দিয়ে আজমলে। আজিৰ এই কাৰ্য্যসূচীত এআইইউডিএফ দলৰ ধুবুৰী বিধায়ক নজৰুল হক, গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমান, মানকাচৰৰ বিধায়ক তথা নগাঁও লোকসভা সমষ্টিৰ এআইইউডিএফ প্ৰাৰ্থী আমিনুল ইছলাম,বিলাসীপাৰা পশ্চিম সমষ্টিৰ এআইইউডিএফ দলৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমীকে ধৰি দলটোৰ অইন কেইবা গৰাকী বিধায়ক আৰু দলীয় নেতা উপস্থিত আছিল। উল্লেখ্য যে আজি বদৰুদ্দিন আজমলৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত ধুবুৰীত উপস্থিত থকা পোৱা যায় কংগ্ৰেছ দলৰ বাঘবৰৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীও। ইপিনে আজি আজি নিজৰ মনোনয়ন পত্ৰ জমা দিয়াৰ বাবে সাজু হোৱাৰ আগে আগে “নিয়মীয়া বাৰ্তা”ৰে হোৱা এক বাৰ্তালাপত চতুৰ্থ বাৰৰ বাবে ধুবুৰী লোকসভা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰিব লোৱাৰ সময়ত সৃষ্টি হোৱা মনৰ ভাব ব্যক্ত কৰিবলৈ গৈ সাংসদ গৰাকীয়ে কয় যে, “বহুত ভাল লাগিছে; বহুত আনন্দ- উৎসৱ, মই উপভোগ কৰিম; আমাৰ মানুহ উপভোগ কৰিব। ইনশাল্লাহ। মই চতুৰ্থবাৰৰ বাবে জিকিবলৈ গৈ আছোঁ”। আনহাতে, ২০২৪ৰ লোকসভা নিৰ্বাচনত ৪০০ৰো অধিক লোকসভা আসনত বিজয়ী হ’ব বুলি কৰা বিজেপি নেতৃত্বাধীন এনডিএ গোটৰ দাবী নস্যাৎ কৰি আজমলে কয় যে, “তেওঁলোকে জীৱনত ৪শৰো অধিক আসন লাভ নকৰে কিয়নো তেওঁলোক ভাৰতৰ সংবিধান সলনি কৰিব বিচাৰিছে। সেয়ে তেওঁলোকৰ এই সপোন কেতিয়াও পূৰ্ণ নহ’ব।” দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘সবকা সাথ সবকা বিকাশ’ শীৰ্ষক শ্লোগানে সংখ্যালঘু লোকৰ এটা অংশৰ সমৰ্থন পাব বুলি বিজেপিৰ দাবী সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত এআইইউডিএফ ছুপ্ৰিমো আজমলৰ মন্তব্য, “চাওক কংগ্ৰেছে ৫৭ বছৰ একো দিয়া নাই; যেতিয়াৰে পৰা বিজেপি আহিছে দিয়া নাই। আনহাতে এনডিএৰ কাৰ্য্যকালত মুছলমান সম্প্ৰদায় নিৰাপদ নে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁৰ স্পষ্ট উত্তৰ, “পূৰ্বে কংগ্ৰেছৰ দিনত নিৰাপদ নাছিল আৰু আজি এনডিএৰ সময়তো নিৰাপদ নহয়।”

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like