নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছমুক্ত তিতাবৰ গঢ়াৰ মুখ্যমন্ত্ৰীৰ সপোন পূৰণ হল : বিধায়ক দিগন্ত কলিতা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হব লগা যোৰহাট সমষ্টিৰ তিতাবৰত আজি অন্তিমখন নিৰ্বাচনী সমাৱেশ অনুষ্ঠিত কৰে বিজেপি আৰু অগপ দলে। তিতাবৰৰ মিহিৰাম শইকীয়া হাইস্কুল খেলপথাৰত দহ হাজাৰ কাৰ্য্যকৰ্তাৰে বিজেপিৰ বিশাল ৰেলীত চাৰিওটা মণ্ডলৰ দলীয় কাৰ্য্যকৰ্তাসকলে এই অনুষ্ঠানত উপস্থিত থাকে। দীৰ্ঘকাল কংগ্ৰেছৰ দখলত থকা তিতাবৰক কংগ্ৰেছমুক্ত কৰাৰ বাবে সংকল্প গ্ৰহণ কৰে বিজেপিৰ নেতা-কৰ্মীসকলে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তিতাবৰক কংগ্ৰেছমুক্ত কৰিবলৈ যি পণ লৈছে সেয়া বাস্তৱত পৰিণত হল বুলি কমলপুৰৰ বিজেপি বিধায়ক দিগন্ত কলিতাই মন্তব্য কৰে। কংগ্ৰেছৰ শাসনকালত তিতাবৰৰ বিকাশৰ গতি স্তব্ধ হৈছিল আৰু বৰ্তমানৰ কংগ্ৰেছ বিধায়কজনেও এইক্ষেত্ৰত নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি বিধায়ক কলিতাই কয় যে লোকসভা নিৰ্বাচনত তিতাবৰবাসীয়ে পৰিৱৰ্তন বিচাৰিছে। এই পৰিৱৰ্তন বিজেপি নেতৃত্বাধীন ডাবল ইঞ্জিনৰ চৰকাৰখনে আনিব পাৰিব বুলি তিতাবৰবাসী পতিয়ন গৈছে বুলি বিধায়ক কলিতাই মন্তব্য কৰে। লগতে বিধায়ক কলিতাই এটা সুন্দৰ যোৰহাট লোকসভা সমষ্টি গঢ়াৰ সপোনৰ স্বাৰ্থত তপন কুমাৰ গগৈক বিপুল ভোটত জিকাব বুলি সকলোকে আহ্বান জনায়।বিজেপিৰ বিশাল ৰেলীত উপস্থিত মন্ত্ৰী পীয়ূষ হাজৰীকা, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ পল্লৱলোচন দাস, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, জিলা, মণ্ডল আৰু বুথৰ কাৰ্য্যকৰ্তাসকল।

You might also like