নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০ দিন অতিক্রম কৰাৰ পিছতো নির্বাপিত হোৱা নাই বাঘজান তৈলক্ষেত্রৰ অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ তিনিচুকীয়া জিলাৰ অভিশপ্ত বাঘজান বি জি আৰ–৫নং তৈলক্ষেত্রতৰ জুই আজি ৫০ দিন অতিক্রম কৰাৰ পাছতো একেদৰেই প্রচণ্ড শব্দৰে জ্বলি থকাত চিন্তিত হৈ পৰিছে বাঘজান–কলিয়াপানী গাঁওবাসীৰ লগতে বাঘজান–দীঘলটৰং অঞ্চলৰ ৰাইজ৷ উল্লেখ্য যে অইল ইণ্ডিয়াৰ গাফিলতিৰ ফলত সংঘটিত হোৱা এই ভয়ংকৰ ঘটনাৰ পৰিসমাপ্তি ঘটোৱাৰ অর্থে প্রথমটো পদক্ষেপ যোৱা ৭ জুলাইত চলোৱাৰ কথা আছিল যদিও প্রতিকূল বতৰে বিধি–পথালি দিয়াত ১১ জুলাইত পুনৰ উক্ত পদক্ষেপ লোৱা হ’ব বুলি অইল ইণ্ডিয়াৰ তৰফৰ পৰা জানিবলৈ দিছিল যদিও ২০০৪ চনতকৈও অধিক প্রবল ৰূপ ধাৰণ কৰা শেহতীয়া বানে বিধবস্ত কৰি তুলিছিল বাঘজানৰ পৰিৱেশ–পৰিস্থিতি৷ যাৰ ফলত দ্বিতীয়বাৰো সফল নহ’ল অইল ইণ্ডিয়া লিমিটেড৷

আনহাতে, কূপটোৰ চাৰিওফালে পানীয়ে বুৰাই পেলোৱাত কামসমূহ কিছু পৰিমাণে লেহেমীয়া হোৱালৈ লক্ষ্য কৰি গাঁওবাসীয়ে এই ভয়ংকৰ জুইকুৰা কেতিয়া নির্বাপিত কৰিব পাৰিব সেই বিষয়ে নির্দিষ্ট সময়সীমা ধার্য কৰি দিবলৈ অইল ইণ্ডিয়া লিমিটেডক দাবী জনাই আহিছিল যদিও কোনো ধৰণৰ দিন–বাৰ ধার্য কৰি নিদি ৬জনীয়া বিদেশী বিশেষজ্ঞ দলৰ তত্ত্বাৱধানত অ’এনজিচি আৰু অইল ইণ্ডিয়া কর্তৃপক্ষই পূর্ণগতিত জুই নির্বাপণৰ প্রস্তুতি চলাই আনুষংগিক কাম–কাজসমূহ প্রায় সম্পূর্ণ কৰি তোলাৰ বিষয়ে জানিব পৰা গৈছে৷ উল্লেখ্য যে আজি ৩৭ দিনে দাউদাউকৈ জ্বলি থকা জুইকুৰা নির্বাপণ কৰাৰ বাবে প্রয়োজনীয় কামবোৰ বিদেশৰ পৰা অহা বিশেষজ্ঞ দলৰ সুবিধা হোৱাকৈ অইল, অ’এন জি চিৰ কর্মীসকলে ইতিমধ্যে কূপক্ষেত্রৰ পৰা সকলো প্রধান ধবংসাৱশেষ আঁতৰ কৰা কাম প্রায় সম্পূর্ণ কৰি তুলিছে৷ লগতে পৰৱর্তী কার্য পৰিকল্পনা প্রস্তুত কৰিবৰ বাবে আজি এলার্ট ডিজেষ্টাৰ কণ্ড্র’ল, অ’এন জি চি আৰু অইলৰ কাৰিকৰী বিশেষজ্ঞৰ দলে যুটীয়াভাৱে কূপক্ষেত্র পৰিদর্শন কৰে৷ ইফালে, নিয়মিত ব্যৱধানত জলাশয়সমূহত পানী ভৰাই থকা হৈছে৷ বতৰে অধিক বিধি–পথালি নিদিলে অতি কম দিনৰ ভিতৰতে কূপক্ষেত্রৰ জুইকুৰা নির্বাপিত কৰাৰ বাবে ব্ল’আউট প্রিভেণ্টৰ লগাবলৈ প্রচেষ্টা চলোৱা হ’ব বুলিও জানিব পৰা গৈছে৷ আনহাতে, যোৱা ২৭ মে’ৰ পৰাই আশ্রয় শিবিৰত দিন পাৰ কৰা ক্ষতিগ্রস্ত ৰাইজৰ হৈ যোৱা ১৪ জুনত বাঘজানৰ ঘটনাস্থলী পৰিদর্শন কৰিবলৈ অহা অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক সুশীল কুমাৰ মিশ্রক বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘই দিয়া ১৩ দফীয়া দাবীৰ স্মাৰক–পত্র সন্দর্ভতো অইল ইণ্ডিয়া লিমিটেড আৰু জিলা প্রশাসনে কোনো সমাধানসূত্র দিব পৰা নাই৷ এতিয়ালৈকে অইলে প্রদান কৰা ত্রিশ হাজাৰ টকাকৈ আপাতকালীন সাহায্য ১,৬০০টা পৰিয়ালে লাভ কৰাৰ বাদে আন একো সা–সুবিধা লাভ কৰা নাই ক্ষতিগ্রস্ত পৰিয়ালে৷

আনহাতে, হঠাতে অধিক চাপত গেছ নির্গত হোৱা আৰু পৰৱর্তী সময়ত অগ্ণিকাণ্ড সংঘটিত হোৱাৰ আজি ৫০ দিনে বাঘজান, কলিয়াপানী গাঁৱৰ ক্ষতিগ্রস্ত ৰাইজে আশ্রয় শিবিৰত অলেখ দুখ–কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে৷ শিবিৰবাসীৰ প্রয়োজনীয় সা–সুবিধাৰ প্রতিও অইল কর্তৃপক্ষ আৰু জিলা প্রশাসনে বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷ বয়সস্থ পুৰুষ–মহিলাকে ধৰি কণ কণ শিশু, কেঁচুৱাক লৈ যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে শিবিৰত৷ নিজৰ ঘৰ–বাৰী এৰি শিবিৰত থকা ক্ষতিগ্রস্ত ৰাইজে পুনৰ নিজ ঘৰলৈ উভতি যোৱাৰ পৰিৱেশ কেতিয়া আহিব তাক লৈও দুশ্চিন্তাত পৰিছে৷ ইফালে প্রচণ্ড শব্দ, গেছৰ গোন্ধ আদিৰ মাজত অতি কষ্টেৰে দিন অতিবাহিত কৰিবলগীয়া হোৱা শিবিৰবাসীৰ মাজত বহু লোক ৰুগীয়া হৈছে বুলিও জানিব পৰা গৈছে৷

You might also like