নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূর্ণাংগ জিলালৈ উন্নীত কৰিলে বজালী মহকুমাক

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ ৰাজ্যত সংযোজন ঘটিল আৰু এখন নতুন জিলাৰ৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত  খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত মন্ত্রী পৰিষদৰ বৈঠকে বজালী মহকুমাক পূর্ণাংগ জিলা হিচাপে উন্নীতকৰণত অনুমোদন জনায়৷

বৈঠকৰ অন্তত এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে আজি বজালী মহকুমাক পূর্ণাংগ জিলাৰ মর্যাদা দিয়া হ’ল৷ মহকুমা হিচাপে পূর্বৰে পৰা তাত কার্যনির্বাহ কৰি থকা বিষয়াসকল থাকিবই৷ তদুপৰি  বিষয়া পর্যায়ৰ ১০টা আৰু ৮৫টা অন্যান্য পদবী সৃষ্টিত অনুমোদন জনোৱা হৈছে৷

উল্লেখ্য যে ৰাজ্যত ইতিপূর্বে জিলাৰ সংখ্যা আছিল ৩৩খন৷  মন্ত্রী পৰিষদৰ বৈঠকে বজালী মহকুমাক পূর্ণাংগ জিলালৈ উন্নীতকৰণত অনুমোদন জনোৱাৰ লগে লগে এই সংখ্যা ৩৪খনলৈ বৃদ্ধি পালে৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত বজালীবাসীৰ বাবে সুখবৰ ৰূপে বিবেচিত হৈছে৷

You might also like