নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেনেকৈ বৃদ্ধি পালে সম্পত্তি? পুনৰ ৰিয়াক ইডিৰ জেৰা

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ বলীউডৰ জনপ্রিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰত চি বি আই আৰু এনফ’চমেণ্ট সঞ্চালকালয় (ইডি)ৰ তদন্তৰ জেৰাৰ সন্মুখীন হোৱা অভিনেত্রী ৰিয়া চক্রৱর্তীয়ে আজি সংবাদ মাধ্যমত যুক্তিহীন বিচাৰৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত এয়া দ্বিতীয়বাৰৰ বাবে শীর্ষ আদালতৰ দ্বাৰস্থ হৈছে ৰিয়া চক্রৱর্তী৷

ইডিয়ে ইতিমধ্যে আয়ৰ সৈতে সংগতিহীন সম্পত্তিৰ বিষয়টো পুংখানুপুংখভাৱে বিশ্লেষণ কৰিছে৷ বিহাৰ চৰকাৰৰ আহ্বানক্রমে ইডিয়ে এই কাম হাতত লোৱাৰ পাছতে বিভিন্ন মহলৰ ৰাজনৈতিক ষড়যন্ত্রৰ বলি হ’ব পাৰে বুলি ৰিয়াই উচ্চতম ন্যায়ালয়ত আবেদন জনাই সুৰক্ষা প্রদানৰ দাবী জনাইছে৷ ইতিমধ্যে মানসিকভাৱে ভাগি পৰা অভিনেত্রীগৰাকীয়ে ব্যক্তিগত ভাবমূর্তি বিনষ্ট হোৱা বুলিও শীর্ষ আদালতখনত দাখিল কৰা আবেদনত উল্লেখ কৰিছে৷ শীর্ষ আদালতত আবেদন দাখিলৰ পাছতেই আজি পুনৰ ইডিৰ কার্যালয়ত উপস্থিত হয় ৰিয়া চক্রৱর্তী৷

ভাতৃ আৰু পিতৃৰ সৈতে ইডিৰ কার্যালয়ত উপস্থিত হোৱা অভিনেত্রীগৰাকী কেন্দ্রীয় সংস্থাটোৰ বিষয়ববীয়াই কেইবাঘণ্টাও জেৰা কৰে৷ বাৰে বাৰে আয়ৰ সৈতে সংগতি নথকাকৈ কেনেদৰে অভিনেত্রীগৰাকীৰ সম্পত্তি বৃদ্ধি পালে, তাক লৈ জেৰা অব্যাহত ৰাখিছে কেন্দ্রীয় সংস্থাটোৱে৷

You might also like