নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যক্তিগত শিক্ষানুষ্ঠানক নাকীঃ খেয়াল–খুচি মতে ল’ব নোৱাৰিব মাচুল

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ জধে–মধে ছাত্র–ছাত্রী তথা অভিভাৱকৰ পৰা মাচুল আদায় কৰা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহক নাকী লগোৱাৰ কঠোৰ পদক্ষেপ গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ এতিয়াৰে পৰা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে নিজ খেয়াল–খুচি মতে মাচুল বৃদ্ধি বা নির্ধাৰণ কৰিব নোৱাৰিব৷ ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰৰ এখন কমিটীয়ে নিৰূপণ কৰি দিয়া অনুসৰিহে শিক্ষানুষ্ঠানসমূহে মাচুল ল’ব লাগিব৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত সোমবাৰে খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত মন্ত্রী পৰিষদৰ এখন গুৰুত্বপূর্ণ বৈঠকে ‘আছাম নন–গৱর্নমেণ্ট এডুকেচন ইনষ্টিটিউট (ৰেগুলেচন অৱ ফীজ) ৰুলছ–২০২০’ত অনুমোদন জনায়৷

শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এক চৰকাৰী অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰে হোৱা বার্তালাপত ‘আছাম নন–গৱর্নমেণ্ট এডুকেচন ইনষ্টিটিউট (ৰেগুলেচন অৱ ফীজ) ৰুলছ–২০২০’ত মন্ত্রী পৰিষদে অনুমোদন জনোৱাৰ কথা সদৰী কৰি কয় যে প্রধানতঃ ইয়াৰ বাবে দুখন কমিটী থাকিব৷ এখনে মাচুল নির্ধাৰণ কৰিব আৰু আনখনত আপীল কৰিব পাৰিব৷ প্রতিখন শিক্ষানুষ্ঠানে নিজৰ আন্তঃগাঁথনি আদিৰ বিষয়ে জমা দি কমিটীখনৰ পৰা মাচুল অনুমোদন কৰাব পাৰিব৷ তেওঁলোকৰ শীত–তাপ নিয়ন্ত্রিত ব্যৱস্থা আছে, বাছ আছে, শিক্ষক আছে, বিদ্যুৎ সংযোগ আছে, বিদ্যালয় গৃহ আছে, শিক্ষকক দৰমহা কিমান দিয়ে এই সকলোবোৰ চাই আমি মাচুল নির্ধাৰণ কৰিম৷ যদি তেওঁলোক সন্তুষ্ট নহয় তেন্তে এজন অৱসৰপ্রাপ্ত ন্যায়াধীশৰ অধীনত আন এখন কমিটী থাকিব৷ তাত তেওঁলোকে আপীল কৰিব পাৰিব৷ আজি ‘আছাম নন–গৱর্নমেণ্ট এডুকেচন ইনষ্টিটিউট (ৰেগুলেচন অৱ ফীজ) ৰুলছ–২০২০’খন সন্দর্ভত দুই–এদিনতে বিশদভাৱে ব্যক্ত কৰিব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্রী ড০ শর্মাই৷

উল্লেখ্য যে ব্যক্তিগত খণ্ডৰ বহু শিক্ষানুষ্ঠানে নিজ ইচ্ছানুসৰি মাচুল নির্ধাৰণ তথা সংগ্রহ কৰাৰ অভিযোগ দীর্ঘদিনীয়া৷ এনে অৱস্থাত ৰাজ্য চৰকাৰৰ এই পদক্ষেপ যথেষ্ট গুৰুত্বপূর্ণ ৰূপে চিহ্ণিত হৈছে৷ ইফালে, আজিৰ মন্ত্রী পৰিষদৰ বৈঠকে আন কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ বৈঠকৰ অন্তত পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে সদৰী কৰা অনুসৰি আজিৰ বৈঠকতে ৰাজ্যৰ ১৬১গৰাকী পাৰিতোষিকপ্রাপ্ত গ্রন্থাগাৰিকৰ পাৰিতোষিক বর্তমানৰ ৯০০ টকাৰ পৰা ১২,০০০ টকালৈ আৰু ১৫৩গৰাকী সহায়কৰ পাৰিতোষিক বর্তমানৰ ৫৫০ টকাৰ পৰা ৯,০০০ টকালৈ বৃদ্ধিৰ অনুমোদন জনোৱা হয়৷ সেইদৰে এছ ডি আৰ এফৰ আৰু দুটা নতুন বেটেলিয়ান গঠনৰো সিদ্ধান্ত গ্রহণ কৰে মন্ত্রী পৰিষদৰ বৈঠকে৷ ‘ইমপ্লিমেণ্টেচন অৱ উৱেৰাইজেচন স্কীম অৱ এ এছ টি চি’ত অনুমোদন জনোৱাৰ কথা সদৰী কৰি পৰিবহণ মন্ত্রী পাটোৱাৰীয়ে কয় যে ইয়াৰ অধীনত চৰকাৰী অনুদানসহ ব্যক্তিগত উদ্যোগীৰ জৰিয়তে নতুনকৈ ৬৬৮খন বাছ সেৱা আৰম্ভ হ’ব৷ ৫ বছৰলৈ এই বাছসমূহ অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত চলাচল কৰিব লাগিব৷ বজালী মহকুমাক পূর্ণাংগ জিলালৈ উন্নীতকৰণতো মন্ত্রী পৰিষদৰ বৈঠকে অনুমোদন জনাইছে৷ সেইদৰে আছাম ষ্ট্রীট ভেণ্ডর্ছ (প্রটেকচন অৱ লাইভলিহুড এণ্ড ৰেগুলেচন অৱ ষ্ট্রীট ভেণ্ডিং) স্কীম–২০২০ত অনুমোদন জনাইছে মন্ত্রী পৰিষদে৷ ষ্ট্রীট ভেণ্ডৰ এক্টৰ অধীনত ব্যৱসায়ৰ স্থান নির্ধাৰণ কৰা হ’ব আৰু ইয়াৰ বাবে জৰীপ কৰাৰ ব্যৱস্থা কৰিব চৰকাৰে৷

পৰিবহণ মন্ত্রী পাটোৱাৰীয়ে জানিবলৈ দিয়া মতে, ক’ভিডৰ পৰিপ্রেক্ষিতত আছাম ভেট এক্টৰ অধীনত ভেট ৰিটার্ন, ফ’ম এছেছমেণ্ট আদি সময়সীমা বৃদ্ধিতো মন্ত্রী পৰিষদৰ বৈঠকে অনুমোদন জনাইছে৷ তদুপৰি মন্ত্রী পৰিষদৰ বৈঠকে ‘ষ্টেট কেটেল এণ্ড বাফেলো ব্রিডিং পলিচী–২০২০’তো অনুমোদন জনায়৷

You might also like