নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱ কলাক্ষেত্রত ২১০ প্রার্থীক নিযুক্তিপত্র প্ৰদান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বিশেষ বাৰ্তা, ২২ ফেব্রুৱাৰীঃ আজি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মীন, পশু চিকিৎসা আৰু পশুপালন, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান, জনস্বাস্থ্য কাৰিকৰী বিভাগত ২১০ গৰাকী প্রার্থীক নিযুক্তিপত্র প্রদান কৰে৷ উল্লেখ্য যে মুখ্যমন্ত্রীয়ে অনুষ্ঠানত ১৬১গৰাকী পশু চিকিৎসা বিষয়া, ৩২গৰাকী মীন উন্নয়ন বিষয়াৰ উপৰি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগত ১৩গৰাকী আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৪গৰাকীক নিযুক্তি পত্র প্রদান কৰে৷ এই উপলক্ষে ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে যোগ্য আৰু দক্ষ যুৱক–যুৱতীসকলক নিযুক্তি দিয়াৰ জৰিয়তে ৰাজ্যৰ মীন, পশুপালন আৰু পশু চিকিৎসা খণ্ডত জনসেৱাৰ পৰিসৰ অধিক বৃদ্ধি কৰিব৷ মীন, পশুপালন আৰু পশু চিকিৎসা খণ্ডত এক গুৰুত্বপূর্ণ খণ্ড যিয়ে ৰাজ্যৰ বিকাশৰ গতি অধিক ত্বৰান্বিত কৰাৰ সম্ভাৱনীয়তা আছে বুলি উল্লেখ কৰি কৰি মুখ্যমন্ত্রীয়ে কয় যে এই খণ্ডসমূহত অধিক গতিশীলতা অনাৰ বাবে ৰাজ্য চৰকাৰে বহু পদক্ষেপ গ্রহণ কৰিছে৷ মুখ্যমন্ত্রীয়ে কয় যে পশুপালন আৰু পশু চিকিৎসা বিভাগক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দৰে নতুন ৰূপ প্রদান কৰিবলৈ ৰাজ্য চৰকাৰে প্রয়াস চলাই আহিছে৷ তেওঁ কয় যে ৰাজ্যৰ পশুধনৰ চিকিৎসাৰ প্রয়োজনীয়তা পূৰণৰ বাবে পশু চিকিৎসা বিষয়াৰ নতুন পদ সৃষ্টি কৰা হব৷ মুখ্যমন্ত্রীয়ে নৱনিযুক্ত বিষয়াসকলক নিষ্ঠাৰে সেৱা আগববাবলৈ আৰু যি স্থানত কর্মত নিয়োজিত হৈ থাকে সেই ঠাইৰ জনসাধাৰণৰ সৈতে সুসম্পর্ক গঢ়ি তুলিবলৈ কয়৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে সমাজৰ বাবে এক আর্হি হিচাপে গঢ়ি তোলাৰ প্রয়োজনীয়তাৰ কথা উল্লেখ কৰে৷ নৱনিযুক্ত বিষয়াসকলক উৎসর্গিত মনোভাবেৰে কাম কৰি সমাজৰ প্রয়োজনীয়তা পূৰণৰ দিশত বিশেষ ভূমিকা লব লাগিব বুলিও তেওঁ কয়৷ নতুন নিযুক্তিত সন্তুষ্টি প্রকাশ কৰি মুখ্যমন্ত্রীয়ে কয় যে ১ লাখ চৰকাৰী চাকৰিত যুৱক–যুৱতীসকলক নিযুক্তি প্রদানৰ বাবে ৰাজ্য চৰকাৰে দিয়া প্রতিশ্রুতি পূৰণৰ দিশতো তেওঁৰ চৰকাৰে যথেষ্ট অগ্রগতি লাভ কৰিছে৷ কৃষিমন্ত্রী অতুল বৰা, মীনমন্ত্রী পৰিমল শুক্লবৈদ্যই ভাষণ প্রদান কৰা অনুষ্ঠানত শক্তিমন্ত্রী নন্দিতা গার্লোচা, ৰাজহ মন্ত্রী যোগেন মহন, উদ্যোগ মন্ত্রী বিমল বডা, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব মনীষ ঠাকুৰ প্রমুখ্যে উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷

You might also like