নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্দে ভাৰত এক্সপ্রেছৰ যাত্ৰা কাইলৈৰ পৰা আৰম্ভ : মোদীয়ে কৰিব শুভাৰম্ভ

বিশেষ বাৰ্তা, ২৮ মেঃ ৰাজ্যত কাইলৈৰ পৰা আৰম্ভ হব বন্দে ভাৰত এক্সপ্ৰেছৰ ৰে’ল সেৱা এই সেৱা কাইলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভার্ছুৱেলী শুভাৰম্ভ কৰিব৷ এক বিবৃতিত উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া সব্যসাচী দে’ই প্রকাশ কৰা অনুসৰি বন্দে ভাৰত এক্সপ্রেছ ৰে’ল কামৰূপ মহানগৰ, কামৰূপ, নলবাৰী, বৰপেটা, চিৰাং, কোকৰাঝাৰ জিলা আৰু উত্তৰ বংগৰ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ তথা জলপাইগুৰিৰ মাজেৰে চলাচল কৰিব৷ এই ৰে’লখনৰ চলাচলৰ লগে লগে নিউ জলপাইগুৰি আৰু গুৱাহাটীৰ মাজৰ ৰে’লযাত্রাৰ সময় প্রায় এঘণ্টা হ্রাস হ’ব৷ কাইলৈ দিনৰ ১২ বজাত গুৱাহাটীৰ পৰা যাত্রা আৰম্ভ কৰিবলগীয়া বন্দে ভাৰত এক্সপ্রেছ সন্ধিয়া ৬ বজাত নিউ জলপাইগুৰিত উপস্থিত হ’ব৷ উদ্বোধনী যাত্রাৰ সময়ত ৰে’লখন কামাখ্যা, ৰঙিয়া, নলবাৰী, বিজনী, নিউ বঙাইগাঁও, কোকৰাঝাৰ, ফকিৰাগ্রাম, নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ আৰু ধূপগুৰিত ৰখাব৷ বন্দে ভাৰত এক্সপ্রেছৰ নিয়মীয়া সেৱা ৩১ মে’ৰ পৰা আৰম্ভ হ’ব৷ মঙলবাৰৰ বাহিৰে সপ্তাহত ৬ দিন গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত চলাচল কৰিব৷ ৩১ মে’ৰ দিনা ৬.১০ বজাত নিউ জলপাইগুৰিৰ পৰা যাত্রা আৰম্ভ কৰিব আৰু ১১.৪০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব৷ বন্দে ভাৰত এক্সপ্রেছখনৰ কামাখ্যা, নিউ বঙাইগাঁও, কোকৰাঝাৰ, নিউ আলিপুৰদুৱাৰ আৰু নিউ কোচবিহাৰ ষ্টেচনত ষ্ট’পেজ থাকিব৷ এই ৰে’লখনে ৫ঘণ্টা ৩০ মিনিটত ৪১১ কিলোমিটাৰ দূৰত্ব অতিক্রম কৰিব৷ ৫৩০খন আসনযুক্ত বন্দে ভাৰত এক্সপ্রেছত থাকিব ৮টা দবা৷ ৰে’লখনত এটা এগজিকিউটিভ ক্লাছ, ৫খন শ্বেয়াৰ কাৰ আৰু দুটা ড্রাইভাৰ ট্রেইল দবা থাকিব৷ উদ্বোধনী অনুষ্ঠানৰ লগতে প্রধানমন্ত্রীগৰাকীয়ে অসমৰ লামডিঙত নৱনির্মিত ডেমু–মেমু শ্বেদ আৰু ১৮২ কিলোমিটাৰ দৈর্ঘ্যৰ নতুনকৈ বিদ্যুতীকৰণ কৰা ৰে’লখণ্ড ৰাষ্ট্রলৈ উৎসর্গা কৰিব৷  প্রধানমন্ত্রীগৰাকীয়ে কাইলৈ নিউ বঙাইগাঁও–দুধনৈ–মেণ্ সংযোগী নৱ নির্মিত ৯১.৩ কিলোমিটাৰ দৈর্ঘ্যৰ ৰে’লপথ ৰাষ্ট্রৰ বাবে উৎসর্গিত কৰিব৷ গুৱাহাটী–চাপৰমুখৰ ৯১ কিলোমিটাৰ বৈদ্যুতিকৰণ কৰা ৰে’লখণ্ডও প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব৷

You might also like