নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশী নাগৰিকক আৰক্ষীক গতালে চাহ বাগিচাৰ লোকে

ভাৰত-বাংলাদেশ সীমান্তৰ ইচামতি নদী সাতুৰি পাৰ হৈ এজন বাংলাদেশী লোক তিতাবৰ উপস্থিত হোৱা ঘটনাই আজি তিতাবৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। লোকজনৰ নাম মহম্মদ আল হাছান।

তিতাবৰৰ মেজেঙা চাহ বাগিছাত ৰাইজে মহম্মদ আল হাছানক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে প্ৰথম অৱস্থাতে লোকজনক দেখি তিতাবৰৰ মেজেঙা চাহ বাগিছাৰ একাংশ লোকৰ মনত সন্দেহ সৃষ্টি হৈছিল।

ইয়াৰ পিছতে ব্যক্তিজনক সোধা পোছা কৰাত তেওঁ বাংলাদেশৰ পৰা অহাৰ কথা প্ৰকাশ কৰে। বাংলাদেশ সীমান্তৰ ইচামতি নদী সাতুৰি পাৰ বুলিও লোকজনে নিজ মুখেৰে স্বীকাৰ কৰিছে। ইয়াৰ পূৰ্বে লোকজনক পশ্চিম বংগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৪ মাহ ১৫ দিন দমদমা জে’লত ৰাখি মুকলি কৰি দিয়ে বুলিও মন্তব্য কৰে মহম্মদ আল হাছানে।

তাৰ পৰা ৰে’লেৰে আহি অসমৰ বিভিন্ন ঠাইত থাকি তিতাবৰ মেজেঙা চাহ বাগিছাৰ প্ৰৱেশ কৰোতেই ৰাইজৰ লগতে গাঁওৰক্ষী বাহিনীয়ে বাংলাদেশী লোকজনক কৰায়ত্ত কৰি তিতাবৰ আৰক্ষীক গতাই দিয়ে। তিতাবৰ আৰক্ষীয়ে বৰ্তমান লোকজনৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

নিয়মীয়া বাৰ্তা, তিতাবৰ, ১৬ ফেব্ৰুৱাৰী

You might also like