নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনী-বাওখুংগ্ৰী সমষ্টিত কোচ ৰাজবংশী জনগোষ্ঠীয় প্ৰাৰ্থিত্বৰ দাবী সদৌ বিটিচি কোচ ৰাজবংশী সন্মিলনীৰ

সমাগত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজনৈতিক দলসমূহৰ লগতে সক্ৰিয় হৈ উঠিছে অৰাজনৈতিক জাতীয় দল সংগঠনসমূহো। এইক্ষেত্ৰত পিছ পৰি ৰৈ থকা নাই বিটিচি অঞ্চলক কেন্দ্ৰ কৰি গঠন হোৱা কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগঠন সদৌ বিটিচি কোচ ৰাজবংশী সন্মিলনীও।

বিটিচি অঞ্চলৰ উন্নয়ন আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ উত্তোৰনৰ প্ৰতি লক্ষ্য ৰাখি সদৌ বিটিচি কোচ ৰাজবংশী সন্মিলনীয়ে বিগত বিটিচি পৰিষদীয় নিৰ্বাচনত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলক মুকলি সমৰ্থন আগবঢ়ায়  আৰু বিপিএফ দলে বিটিচিত শাসন কৰিবলৈ সক্ষম হয়।

সেইবাবে এই বেলি বিধানসভা নিৰ্বাচনত কোচৰাজবংশী জনগোষ্ঠীৰ  জনগোষ্ঠীৰ হৈ অসম বিধানসভাত মাত মাতিবলৈ অসম বিধানসভাৰ ২০নং বিজনী আৰু ৪নং বাওখুংগ্ৰী সমষ্টিত কোচ ৰাজবংশী জনগোষ্ঠীও লোকক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী জনায় সদৌ বিটিচি কোচ ৰাজবংশী সন্মিলনীয়ে।

আজি সংবাদ মেল অনুষ্ঠিত কৰি সদৌ বিটিচি কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি লক্ষীন্দ্ৰ ৰায়ে কয় যে বিজনীৰ লক্ষী মন্দিৰ প্ৰাংগনত এক সভা অনুষ্ঠিত কৰি প্ৰস্তাব গ্ৰহণ কৰা হয়  যে বিটিচি পৰিষদীয় চৰকাৰে এই বেলি বিশ্ব মহাবীৰ চিলাৰায় দিবস চৰকাৰীভাৱে উৎযাপন কৰাত বিটিচি চৰকাৰক  আমি সন্মিলনীয়ে প্ৰস্তাৱযোগে ধন্যবাদ জনোৱাৰ লগতে সভাপতি লক্ষীন্দ্ৰ ৰায়ে আৰু কয় যে যোৱা বিটিচি পৰিষদীয় নিৰ্বাচনত সদৌ বিটিচি কোচৰাজবংশী সন্মিলনীয়ে মুকলিভাবে বিপিএফ দলক সমৰ্থন জনাইছিলো আৰু যাৰ বাবে বিপিএফ দলে বিটিচি পৰিষদীয় চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে।

যদি এই বেলি বিজনী আৰু বাওখুংগ্ৰী বিধান সভা সমষ্টি দুটাত কোচ ৰাজবংশী জনগোষ্ঠীয় লোকক প্ৰাৰ্থী এনডিএ হিচাপে বা বিপিএফ হিচাপে প্ৰাৰ্থী প্ৰক্ষেপ কৰে জয়ী হোৱাটো খাটাং বুলিও উল্লেখ কৰে।

ইয়াৰ উপৰি বিটিচিৰ বিভিন্ন বোৰ্ড নিকায়সমূহত কোচৰাজবংশী জনগোষ্ঠীও লোকক নিযুক্তি প্ৰদান কৰিবলৈ  উক্ত সংবাদ মেলতেই দাবী জনায় সভাপতি লক্ষীন্দ্ৰ ৰায়ে।

নিয়মীয়া বাৰ্তা, দোতমা, ১৬ ফেব্ৰুৱাৰী

You might also like