নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীক তীক্ষ্ণ প্রশ্নবাণেৰে থকা–সৰকা কৰিলে ৰিপুণ বৰাই

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ আগন্তুক বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক নেতাসকলৰ মাজত আৰম্ভ হৈছে আক্রমণ–প্রত্যাক্রম৷ ইয়াৰ মাজতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক প্রশ্ণবাণেৰে থকা–সৰকা কৰি একপ্রকাৰ মুকলিকৈ প্রত্যাহ্বান জনালে অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই৷ শেহতীয়াকৈ ২০২১ চনৰ নির্বাচনত অসমৰ ৰাইজে বিজেপিক হিয়া উজাৰি ভোট দিব বুলি মুখ্যমন্ত্রী সোণোৱালে কৰা মন্তব্যক উভতি ধৰি ৰিপুণ বৰাই ১৫টা প্রশ্ণ উত্থাপন কৰে৷

এই প্রসংগতে তেওঁ কয়– ‘জাতি–মাটি–ভেটিৰ সুৰক্ষাৰ কথা কৈ শাসনৰ বাঘজৰী লোৱা বিজেপি চৰকাৰে জাতি–মাটি–ভেটি বন্ধকত থোৱাৰ বাবে হিয়া উজাৰি ভোট দিব নেকি? জাতি–মাটি–ভেটিৰ কথা কৈ অসমীয়া জাতিৰ অস্তিত্ব সর্বকালৰ বাবে বিপন্ন কৰা নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰাৰ বাবে হিয়া উজাৰি ভোট দিব নেকি ৰাইজে? নে ‘কা’বিৰোধী আন্দোলনৰ সময়ত ৫জনকৈ অসমীয়া যুৱকক গুলীয়াই হত্যা কৰাৰ বাবে হিয়া উজাৰি ভোট দিব? দীর্ঘদিনে অসমে লাভ কৰি অহা বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰি কেন্দ্রই ৯০ঃ১০ হাৰত লাভ কৰি থকা পুঁজি বন্ধ কৰিলে৷

ইয়াৰ বাবে হিয়া উজাৰি ভোট দিব নেকি? অসমৰ তৈলক্ষেত্রসমূহ বিক্রী কৰাৰ বাবে অথবা বিমানবন্দৰ পুঁজিপতিক গতোৱাৰ বাবে হিয়া উজাৰি ভোট দিব নেকি?’ আগন্তুক নির্বাচনত বিজেপিক অসমৰ ৰাইজে হিয়া উজাৰি ভোট দিব নে হিয়া উজাৰি অভিশাপ দিব? ২০২১ চনত অসমৰ ৰাইজে সেয়া প্রমাণ কৰিব বুলি উল্লেখ কৰি বৰাই এইবুলিও কয় যে বৰাক–ব্রহ্মপুত্রৰ আয়ুসৰেখাস্বৰূপ ৰাজহুৱা খণ্ডৰ কাগজ কল দুটাও বন্ধ কৰা হ’ল৷ ইয়াৰ বাবে হিয়া উজাৰি ভোট দিব নেকি?

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দুই কোটি নিবনুৱাক চাকৰি দিম বুলি ঘোষণা কৰিছিল৷ সোণোৱাল চৰকাৰে ২৬ লাখ নিবনুৱাক সংস্থাপনৰ আশ্বাস দিছিল৷ এই আশ্বাস পূৰণৰ বাবে ব্যর্থ হোৱা বাবে হিয়া উজাৰি ভোট দিব নেকি ৰাইজে? ব্রহ্মপুত্রৰ ওপৰত নিমাতীঘাট–মাজুলী সংযোগী দলং, দিচাংমুখ–টেকেলিফুটা দলঙৰ আধাৰশিলা কৰি আজিলৈকে এটকাও আবণ্টন নকৰাৰ বাবে ভোট দিব নেকি? নিবনুৱা যুৱক–যুৱতীৰ সপোন ভাঙি এ পি এছ চিৰ পৰা এছ আই নিযুক্তিলৈকে কোনো এটা পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰা নহ’ল৷ ইয়াৰ বাবে ৰাইজে বিজেপিক হিয়া উজাৰি ভোট দিব নেকি?

ইফালে, শেহতীয়াকৈ কংগ্রেছক কঠোৰ ভাষাৰে সমালোচনা কৰি দুদিন পূর্বে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কৈছিল যে ৬০ বছৰত কংগ্রেছে কৰিব নোৱাৰা কাম বিজেপিয়ে ৬ বছৰত কৰিছে৷ সোণোৱালৰ এই মন্তব্যকো প্রত্যাহ্বান জনাই প্রদেশ কংগ্রেছৰ সভাপতিজনে সংবাদ মেলত কয়– ‘সোণোৱালে আধাৰশিলাৰ ৰাজনীতি এৰি বুৰঞ্জী অধ্যয়ন কৰা উচিত৷ মুখ্যমন্ত্রী সোণোৱালে যিখন প্রাথমিক বিদ্যালয়ত পঢ়িছিল, ডিব্রুগড়ৰ পৰা যিখন মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্রহণ কৰিছিল, সেয়াও বিজেপিয়ে ৬ বছৰত স্থাপন কৰিছিল নেকি?

ছাত্র নেতাৰ কালৰে পৰা তেওঁ গুৱাহাটী আৰু ডিব্রুগড় বিমানবন্দৰৰ পৰা সঘনাই দিল্লীলৈ অহা–যোৱা কৰিছিল৷ এই বিমানবন্দৰ বিজেপিৰ দিনত প্রতিষ্ঠা হৈছিল নেকি? মুখ্যমন্ত্রী হিচাপে দিছপুৰৰ আধুনিক জনতা ভৱনত কার্যনির্বাহ কৰি আছে আৰু ব্রহ্মপুত্র গেছ হাউছত বাস কৰি আছে, সেয়াও বিজেপিৰ দিনত স্থাপন হৈছিল নেকি? সোণোৱাল জন্ম নৌহওঁতেই কংগ্রেছ চৰকাৰে ভাৰতৰ বিভিন্ন ঠাইত এইমছ, আই আই টি, আই আই এম প্রতিষ্ঠা কৰিছিল৷

সোণোৱাল জন্ম হোৱাৰ পাছতেই ১৯৬৯ চনত প্রধানমন্ত্রী নেহৰুৱে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্র প্রতিষ্ঠা কৰিছিল৷ তেওঁৰ জন্ম নৌহওঁতেই ভাৰতৰত্ন গোপীনাথ বৰদলৈয়ে অসমক পূব পাকিস্তানত চামিল হোৱাৰ পৰা উদ্ধাৰ কৰিছিল৷ বৰদলৈয়ে এই পদক্ষেপ নোলোৱা হ’লে আজি সোণোৱালে বাংলাদেশত বাস কৰিব লাগিলহেঁতেন৷ সোণোৱালে শৈশৱৰ ধেমালি কৰি থকাৰ সময়ত প্রয়াত প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে পাকিস্তানক দুভাগ কৰি বাংলাদেশ সৃষ্টি কৰিছিল৷ ইন্দিৰা গান্ধীয়ে ছিকিমক ভাৰতৰ লগত চামিল কৰিছিল৷ সেয়েহে সোণোৱালে আধাৰশিলাৰ ৰাজনীতি এৰি বুৰঞ্জী অধ্যয়ন কৰিব লাগে, তেতিয়াহে তেওঁ বুজি পাব যে ৬০ বছৰত কংগ্রেছে গঢ়ি যোৱা দেশ ৬ বছৰতে সম্পদ বিক্রী কৰি বিজেপিয়ে ধ্বংস কৰিলে৷’

আনহাতে, অসমৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয়, আই আই টি, শংকৰদেৱ কলাক্ষেত্র, ড০ ভূপেন হাজৰিকা সমাধি ক্ষেত্র, নুমলীগড় তেল শোধনাগাৰ, সৰুসজাই ক্রীড়া প্রকল্প, জালুকবাৰীৰ বৃহৎ উৰণীয়া সেতুকে ধৰি গুৱাহাটীৰ ১১খন উৰণীয়া সেতু বিজেপিৰ প্রায় ৫ বছৰীয়া কার্যকালত স্থাপন হৈছিল নেকি বুলি প্রশ্ণ উত্থাপন কৰি ৰিপুণ বৰাই কয় যে সোণোৱাল চৰকাৰ কেৱল আধাৰশিলাৰ চৰকাৰ, বিজ্ঞাপনৰ চৰকাৰ, ফাঁকিবাজৰ চৰকাৰ৷ সংবাদ মেলতে সোণোৱালক প্রত্যাহ্বান জনাই বৰাই এইবুলিও কয়– ‘পথ নির্মাণ কৰাটো গতানুগতি কাম৷ কংগ্রেছৰ দিনত নির্মাণ হোৱা পথৰ কথা আমি কোৱাই নাই৷

সোণোৱালে স্পষ্ট কৰি দিয়ক, তেওঁৰ কার্যকালত কোনটো মেগা প্রজেক্টৰ কাম আৰম্ভ হ’ল৷’ উল্লেখ্য যে আজিৰ সংবাদ মেলতে মহাজোঁটবন্ধন সন্দর্ভতো কেতবোৰ মন্তব্য কৰে ৰিপুণ বৰাই৷ অৱশ্যে আজিৰ মন্তব্যত এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ আগ্রাসী ভূমিকাত কংগ্রেছ আতংকিত হোৱাহে পৰিলক্ষিত হ’ল৷ মহাজোঁটবন্ধনৰ গুৰি ধৰোঁতা প্রদেশ কংগ্রেছৰ সভাপতিজনে এ আই ইউ ডি এফৰ সৈতে মিত্রতা প্রসংগত কয়– ‘আজিলৈকে এ আই ইউ ডি এফৰ লগত আমি লগ লগা নাই৷

বৰঞ্চ বিজেপিয়েহে এ আই ইউ ডি এফৰ লগত লগ লাগি দেখুৱাইছে৷ কেইবাখনো জিলা পৰিষদ বিজেপিয়ে এ আই ইউ ডি এফৰ লগত গঠন কৰিছে৷ মহাজোঁটবন্ধন হ’ব নে নহ’ব, তাক লৈ প্রশ্ণ নাহে৷ নির্বাচনলৈ এতিয়াও ৫ মাহ বাকী আছে৷ আমি লাহে লাহে এই দিশত আগবাঢ়িম৷’ ইপিনে, অগপ আৰু বিজেপিৰ মিত্রতা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি বৰাই কয় যে দুবাৰকৈ শাসনৰ গাদীত বহা অগপ আজি নিশকটীয়া হ’ল৷ তেওঁলোকক বিজেপিয়ে গ্রাস কৰি পেলাইছে৷ মর্চাৰ জৰিয়তে আঞ্চলিক দলসমূহক গ্রাস কৰাটোৱেই বিজেপিৰ লক্ষ্য৷ বি পি এফৰ আজি একেই অৱস্থা হৈছে৷

You might also like