দুই নাবালিকা ধর্ষণকাৰীক সশ্রম কাৰাদণ্ড বৰপেটা আদালতৰ
নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ এবছৰ পূর্বে বৰপেটা চহৰৰ শান্তিনগৰৰ এগৰাকী পিতৃ–মাতৃহীন নাবালিকাক বলাৎকাৰ কৰা বৰপেটাৰ দুজন যুৱকক আজি পাঁচ বছৰৰ সশ্রম কাৰাদণ্ড আৰু দুহেজাৰ টকাকৈ জৰিমনা বিহে আদালতে৷ বিতোপন দাস আৰু মিতু দাস ওৰফে ছানা নামৰ দুই যুৱকে বৰপেটা চহৰৰ জুৰোৰাম পাঠক ছোৱালী হাইস্কুলৰ অষ্টম শ্রেণীৰ এগৰাকী ছাত্রীক ঘৰৰ ওচৰৰে ৰামচৰণ মেধি হাইস্কুল খেলপথাৰত ধর্ষণ কৰিছিল৷ চাঞ্চল্যকৰ এই ঘটনা সংক্রান্তত SPECIAL POCSO আইনৰ ৮ ধাৰাৰ অধীনত বৰপেটা থানাত ৫৬/২০১৯ পঞ্জীয়ন নম্বৰৰ বিপৰীতে ৰুজু হৈছিল গোচৰ৷ ধর্ষণ কাণ্ডৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু হোৱাৰ পিছত অভিযুক্তৰ পৰিয়ালৰ লোকে অকথ্য মানসিক নির্যাতন চলাইছিল ধর্ষিতা নাবালিকাজনীৰ ওপৰত৷ পৰিণতিস্বৰূপে ঘটনা সংঘটিত হোৱাৰ দুমাহ পিছত আত্মহননৰ পথ বাছি লয় নাবালিকাগৰাকীয়ে৷ চাঞ্চল্যকৰ নাবালিকা ধর্ষণ গোচৰ সন্দর্ভত আজি বৰপেটা জিলা আৰু সত্র ন্যায়াধীশ আদালতে গুৰুত্বপূর্ণ ৰায়দান কৰে৷ দুয়ো ধর্ষণকাৰীক কঠোৰ শাস্তি প্রদানৰ ৰায়দান দিয়ে জিলা আৰু সত্র ন্যায়াধীশ অপৰেশ চক্রৱর্তীৰ আদালতে৷ বিতোপন দাস আৰু মিতু দাস ওৰফে ছানাক পাঁচ বছৰৰ সশ্রম কাৰাদণ্ড আৰু দুই হাজাৰ টকাকৈ জৰিমনা বিহে আদালতে৷ আদালতৰ ৰায়দানৰ পিছত ধর্ষিতাৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে সন্তোষ প্রকাশ কৰিছে৷ গুচৰীয়া পক্ষৰ হৈ আদালতত যুক্তি প্রদর্শন কৰিছিল বৰপেটা আদালতৰ জ্যেষ্ঠ অধিবক্তা ললিত নাথে৷