নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাউলীৰ ঘৰলৈ আনিলে বাংগালুৰুত হত্যা কৰা ছাত্রীৰ মৃতদেহ

ডেৰ লাখ টকাৰ চেকসহ ব্লেংক চেকৰ বাবেই হত্যা

নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ বি এছ চি নার্ছিং অধ্যয়নৰ বাবে বাংগালুৰুলৈ গৈ হত্যাৰ বলি হোৱা অসমৰ মেধাৱী ছাত্রী জেছমিনাৰা আখতাৰৰ নিঠৰ দেহ আজি হাউলীৰ নগৰঝাৰৰ নিজ গৃহলৈ লৈ অনা হয়৷ উল্লেখ্য যে হাউলীৰ নগৰঝাৰৰ বাসিন্দা নাজিমুদ্দিন আহমেদ আৰু মর্জিনা খাতুনৰ দ্বিতীয় সন্তান জেছমিনাৰা আখতাৰে অলেখ সপোন লৈ ১৪ ডিচেম্বৰত গৈছিল বাংগালুৰুলৈ৷ অনলাইন আবেদনমর্মে বাংগালুৰুৰ ইষ্ট–ৱেষ্ট ইনষ্টিটিউটত বি এছ চি নার্ছিং পঢ়াৰ বাবে নির্বাচিত হৈছিল জেছমিনাৰা৷ ছাত্রীগৰাকীক উক্ত ইনষ্টিটিউটখনত বি এছ চি নার্ছিঙত নামভর্তি কৰাৰ ক্ষেত্রত এজেণ্ট হিচাপে সহায় কৰিছিল সেই ইনষ্টিটিউটখনতে ডি ফার্ম পঢ়ি থকা অসমৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ সমীপৱর্তী বাঁহবাৰী চাকলা গাঁৱৰ আনিছুৰ ৰহমান নামৰ যুবকজনে৷ অনলাইনৰ জৰিয়তে নামভর্তি কৰে যদিও যাৱতীয় কাম–কাজ ইনষ্টিটিউটখনৰ এজেণ্ট আনিছুৰ ৰহমানে সম্পন্ন কৰে৷ ইয়াৰ পাছতে পিতৃ–মাতৃৰ সপোন পূৰাবলৈ বাংগালুৰুৰ ইষ্ট–ৱেষ্ট গ্রুপ অৱ ইনষ্টিটিউটত বি এছ চি নার্ছিং পঢ়াৰ বাবে জেছমিনাৰাই ১৪ ডিচেম্বৰত খুৰাক আৰু খুৰাকৰ ছোৱালী লিনতাজ জাহানৰ লগত বাংগালুৰুত উপস্থিত হয়৷ জেছমিনাৰাৰ খুৰাকে জেছমিনাৰা আৰু লিনতাজক হোষ্টেলত থয়৷ ১৬ ডিচেম্বৰত এজেণ্ট আনিছুৰ ৰহমানৰ লগত জেছমিনাৰাই পিতৃয়ে দিয়া দুখন চেকৰ পৰা টকা উলিওৱাৰ বাবে বেংকলৈ যায়৷ জেছমিনাৰাৰ হাতত পিতৃয়ে চহী কৰি দিয়া দুখনকৈ চেক আছিল৷ ইয়াৰ এখন চেকত ডেৰ লাখ টকা আছিল৷ আনখন আছিল পিতৃৰ চহী থকা ব্লেংক চেক৷ কিন্তু চেকত টকা উলিয়াবলৈ বেংকলৈ যোৱাৰ পূর্বে লম্পট আনিছুৰে জেছমিনাৰাক নিজৰ ভাৰাঘৰৰ কোঠালৈ নিয়ে৷ ভাৰাঘৰতে আন দুজন বন্ধুৰে লগ লাগি নিচাযুক্ত দ্রব্য খুৱাই শাৰীৰিক নির্যাতন চলায় আৰু পাছত ছাত্রীগৰাকীক হত্যা কৰি মৃতদেহ নিজৰ কোঠাৰ বাহিৰত পেলাই থৈ দিয়ে৷ জেছমিনাৰাৰ হাতত থকা চেক দুখনৰ পৰা টকা উলিয়াই টকাখিনি আত্মসাৎ কৰাৰ বাবেই লম্পট আনিছুৰ ৰহমান আৰু দুই বন্ধুৱে পৰিকল্পনা কৰা বুলি সন্দেহ প্রকাশ কৰা হৈছে৷ ইতিমধ্যে বাংগালুৰু আৰক্ষীয়ে আনিছুৰ ৰহমান আৰু অসমৰে ধুবুৰী জিলাৰ শালকোছাৰ মোস্তাফা–জাহিদুল নামৰ দুজন অভিযুক্তক এই ঘটনা সংক্রান্তত আটক কৰিবলৈ সক্ষম হৈছে৷ আজি বাংগালুৰুৰ পৰা পৰিয়ালৰ লোকে জেছমিনাৰাৰ নিঠৰ দেহ লৈ অহাৰ পাছত সমগ্র গাঁওখনতে শোকৰ ছাঁ পৰে৷ শোকত ম্রিয়মাণ গাঁওবাসীয়ে জেছমিনাৰাৰ হত্যাকাৰীক ফাঁচি দিয়াৰ দাবী জনাইছে৷

You might also like