নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাত কাজিয়াৰ গইনাৰে খিলঞ্জীয়াক দলবদ্ধ আক্ৰমণ

🔴মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ঘটনাস্থলীত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

🔴বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত আহতৰ খবৰ ললে মন্ত্ৰীগৰাকীয়ে

বাৰ্তা ব্যুৰো, বৰপেটা ১৫ মেঃ বৰপেটা জিলাৰ কয়াকুছি আৰক্ষী চকীৰ অন্তৰ্গত বামুনবড়ি গাঁৱত কালি সন্ধিয়া সংখ্যালঘু সম্প্ৰদায়ৰ একাংশ দুষ্কৃতিকাৰীয়ে কেইজনমান খিলঞ্জীয়া লোকক দলবদ্ধভাৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে ৷ বামুনবড়ী গাঁৱৰ সমীপবৰ্তী কঠালট্টাৰী-চুৰপাৰা গাঁৱৰ জহুৰ খাঁৰ নেতৃত্বত এই দলবদ্ধ আক্ৰমণৰ ঘটনা সংঘটিত হয় ৷ হাতে হাতে বাঁহ,দা, কুঠাৰ, যাঠী, জোং লৈ কঠালট্টাৰীৰ সমীপৰ চুৰপাৰা গাঁৱৰ একাংশ সংঘালঘু লোকে দলবদ্ধ আক্ৰমণ কৰে বামুনবড়ি গাঁৱৰ একাংশ লোকক। এই আক্ৰমণত বামুনবড়ী গাঁৱৰ প্ৰণৱ দাস, বিকাশ দাস,মৌচম দাস আৰু কণজ্যোতি তালুকদাৰ নামৰ ব্যক্তিকেইজন গুৰুতৰভাবে আহত হয়৷ জানিব পৰা মতে দুজন স্কুলীয়া ছাত্ৰৰ কাজিয়াৰ পৰা সূত্ৰপাত হয় এই দলবদ্ধ আক্ৰমণৰ ঘটনা। এই ঘটনাত আহত তিনিওজনকে বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হৈছে ৷ ইপিনে আজি বিয়লি এই দলবদ্ধ আক্ৰমণ ঘটনাৰ বুজ লবলৈ বামুণবড়ী গাঁৱত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ঘটনাস্থলীত উপস্থিত হৈ দোষীক কৰায়ত্ত কৰাৰ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা নোলোৱা বুলি অভিযোগ উত্থাপিত হৈছিল ৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গাঁওখনত উপস্থিত হৈ ঘটনাৰ সবিশেষ বুজ লোৱাৰ লগতে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা আহতসকলৰ স্বাস্থ্যৰ বুজ লয় ৷ ঘটনাস্থলীত সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে দোষীক কৰায়ত্ত কৰাৰ বাবে আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰাৰ লগতে এই চৰকাৰৰ দিনত কোনো খিলঞ্জীয়া মূলসুঁতিৰ মানুহে সংকটত থাকিবলগীয়া নহয় বুলি মন্তব্য কৰে ৷ খিলঞ্জীয়া মূলসুঁতিৰ মানুহক সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰ ৷ কাকো আইন হাত তুলি লব দিয়া নহব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

প্ৰেৰক নৱজিত বায়ন

You might also like