নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৬ মে’, জেঠ মাহৰ ২ তাৰিখ
বৃহস্পতিবাৰ : তিথি– শুক্লা অষ্টমী, নক্ষত্র : মঘা, যাত্রা : শুভ

মেষ : উন্নত পৰিৱেশ৷ মানসিক দিশতো অনুকূল দেখা যায়৷ সা–সম্পত্তিৰ ক্ষেত্রত কিবা বাধা আছে যদি হ্রাস হোৱাৰ সম্ভাৱনা৷ কোনো সম্পদ বা সন্মানৰ গৰাকীও হ’ব পাৰে৷

বৃষ : প্রতিকূল সময়ৰ বাবে আপুনি দিনটো অলপ সাৱধানে চলক৷ জ্ঞাতি–কুটুম্বৰ আগমন হ’লেও সৌজন্য ৰক্ষা কৰক৷ শৰীৰ মধ্যম৷ বিদ্যাত যত্ন ৰাখক৷

মিথুন : আজি খুব উন্নত ফল নাপাব৷ বিশেষকৈ দিনৰ ১২ বজালৈ সাৱধানেৰে চলাটো উচিত হ’ব৷ বাধ্যবাধকতা হ’লেও ভাবি–চিন্তি নিজৰ কাম কৰক৷ ব্যৱসায়ত শুভ৷

কর্কট : এলাহ বৃদ্ধি পালেও স্বকর্মত ব্যস্ততা নকমিব৷ পাৰিবাৰিক উন্নত৷ প্রাপ্য ধন হাতলৈ অহাৰ যোগ৷ বন্ধুবর্গৰ সহায়–সহযোগ দেখা যায়৷ পঢ়া–শুনাত মধ্যম৷ দাম্পত্যত শুভ৷

সিংহ : বাধা–বিঘিনি কিছু হ্রাস হ’ব পাৰে দুপৰীয়াৰ পৰা৷ বাকী সময়ত সাৱধানে থকাটো ভাল, বিশেষকৈ প্রৱঞ্চকৰ পৰা ব্যৱসায়–বাণিজ্যত সাৱধানে থাকক ৷ প্রেমত গতানুগতিক৷

কন্যা : শৰীৰ আৰু পাৰিপার্শ্বিক প্রায় অনুকূল৷ আজি কোনো সম্ভাৱনীয় যোগাযোগত উপকৃত হ’ব৷ য’তে–ত’তে একো মন্তব্য নিদিব৷ সমগ্র দিনটো আপোনাৰ উৎসাহজনক৷

তুলা : আর্থিকত বিশেষ সফল নহ’লেও দুশ্চিন্তা নাই৷ এইক্ষেত্রত আপুনি ব্যক্তিগত চেষ্টা চলাইছে যদি আশান্বিত হ’ব৷ বুদ্ধিত উজুটি খাব পাৰে বাবে সাৱধান হওক৷

বৃশ্চিক : খৰচ–পাতি নকৰোঁ বুলি থাকিলেও খৰচৰ পথ ওলাব৷ অন্যান্য কিছুৱে সামাজিক–ৰাজনৈতিক দিশত নিজৰ মতৰ সমর্থন পাব৷ দাম্পত্যত দুশ্চিন্তা হ’বও পাৰে৷

ধনু : ক্রমে দিনটো কিছু আশাপ্রদ৷ অৱশ্যে নিশ্চিতও নহয়৷ খুব ফৰকাল লাগি নাথাকিব৷ জ্ঞাতি–কুটুম্বৰ মাংগলিক কার্য আদিত যোগদান কৰাৰো সম্ভাৱনা৷

মকৰ : কর্মক্ষেত্রত আজি বিশেষ যোগাযোগ কম হোৱাত কোনো চিন্তাত থাকিব৷ সৰু–সুৰা ক্লেশে আপোনাৰ মন আৰু দেহত প্রভাৱ পেলাব পাৰে৷ দাম্পত্যত মধ্যম সময়৷

কুম্ভ : অস্থিৰ চিন্তা সম্পূর্ণ বর্জনীয়৷ শৰীৰ, মন, পৰিৱেশ দিনৰ ১২ বজালৈ আশাপূর্ণ নহ’ব পাৰে৷ কিবা কৰা বা সাক্ষাৎ আদিত দিনৰ ১২ বজাৰ পিছত অনুকূল৷ প্রেমত মধ্যম৷

মীন : অনুকূল পৰিৱেশ৷ বন্ধু–বান্ধৱৰ পৰা সহানুভূতি পাব৷ নিজৰ উন্নতিৰ বাবে কিবা চেষ্টাত উন্নত অনুভৱ কৰিব৷ সু–সংবাদত সুখী হ’ব পাৰে৷ দাম্পত্যত বেয়া নহ’ব৷

You might also like