নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষ্ণগুৰুৰ আৱিৰ্ভাৱ তিথিত কৃষ্ণগুৰু সেৱাশ্ৰম দৰ্শন সৰ্বানন্দ সোণোৱালৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ মে’ : পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ ৯০তম আৱিৰ্ভাৱ তিথি উপলক্ষে আজি নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় আৰু সমাজৰ সৰ্বাংগীণ মংগল কামনাৰে গুৰুজনাৰ প্ৰতি তেওঁ সভক্তিৰে সেৱা জনায়। তেওঁ উল্লেখ কৰে, “আজিৰ এই পৱিত্ৰ দিনটোত ভক্তিপ্ৰাণ ৰাইজক লগ পাই নথৈ আনন্দিত হ’লোঁ। গুৰুজনাৰ আশিস আৰু আদৰ্শেৰে আমাৰ সমাজ জীৱন সদায়েই ধন্য হৈ ৰওক আৰু সকলোৰে জীৱনত অনাবিল সুখ-সমৃদ্ধিৰ সঞ্চাৰ হওক, তাৰেই কামনা কৰিলোঁ। পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ আধ্যাত্মিক বাণী, সাৰগৰ্ভ দৰ্শন তথা সমন্বয়ৰ বাৰ্তাই সমাজ জীৱনক সমৃদ্ধ আৰু উদ্বুদ্ধ কৰি আহিছে। আজি পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ পৱিত্ৰ আৱিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনাৰ শ্ৰীচৰণত নতশিৰে সেৱা জনালোঁ। দেশৰ হকে, জাতিৰ হকে নিষ্ঠাৰে কাম কৰি যাবলৈ গুৰুজনাৰ আশীৰ্বাদ আৰু কৃপাদৃষ্টি আমাৰ জীৱনত সদায়েই বিৰাজমান হৈ থাকক, তাৰেই কামনা কৰিলোঁ।”

You might also like