নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটামাৰী গাঁও উন্নয়ন সমিতিৰ প্ৰশংসনীয় পদক্ষেপ

🔹 ৰাজহুৱা স্থানত ৫০০ গছপুলি ৰোপণ

নিয়মীয়া বাৰ্তা,  ১০ মে’ : ওদালগুৰি জিলাৰ খৈৰাবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বটামাৰী গাঁৱৰ ৰাইজে গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ । বটামাৰী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আজি ৰাজহুৱা স্থানত ৫০০ গছপুলি ৰোপণ কৰে গাঁওখনৰ ৰাইজে । আজি গাঁওখনৰ ৰাইজে ওলাই আহি গাঁওখনৰ বৃহৎ ৰাজহুৱা পুখুৰী চৌহদৰ লগতে পথৰ দাঁতিত ৰোপণ কৰে চেগুন, অগৰু, গমিৰী আদি বিধে বিধে গছৰ পুলি । আজি পুৱাৰ ভাগত এক মাংগলিক পৰিৱেশত গছপুলি ৰোপণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে গাঁওখনৰ নেতৃস্থানীয় লোক তথা ৰে’ল বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া খুদি ৰাম বসুমতাৰীয়ে।

কাৰ্যসূচীৰ শুভাৰম্ভ কৰি বসুমতাৰীয়ে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰা, সুস্থ পৰিৱেশ গঢ়াৰ উদ্দেশ্যে ৰাইজে এই কাৰ্যসূচী গ্ৰহণ কৰা বুলি উল্লেখ কৰে । শুভাৰম্ভণী অনুষ্ঠানত বটামাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি অনুজ বসুমতাৰী, সম্পাদক ৰতন বড়ো, গাঁওপ্ৰধান দিলীপ বসুমতাৰী সমন্বিতে ৰবিৰাম বসুমতাৰী, গোপাল বড়ো, মহেশ্বৰ বড়ো, বালি ৰাম বড়ো আদি কেইবাগৰাকীও নেতৃস্থানীয় লোক উপস্থিত থাকে । উল্লেখ্য যে গাঁওখনৰ ৮০টা পৰিয়ালে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like