নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুমহলীয়া বিল্ডিঙৰ পৰা জঁপিয়ালে শিক্ষক পতি-পত্নীয়ে

🔹 ডিমৌ কুশল পথত অঘটন

নিয়মীয়া বাৰ্তা,  ১০ মে’ : ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত কুশল পথত এটা বিল্ডিঙৰ পৰা জঁপিয়ায় এক শিক্ষক দম্পতীয়ে। আত্মহননৰ চেষ্টাৰে দুই পতি-পত্নীয়ে ছাদৰ পৰা জঁপিয়াই এই ঘটনা সংঘটিত কৰে। চাৰিং হাফলুটিঙৰ শিক্ষক বিদ্যুৎ নাথ আৰু তেওঁৰ শিৱসাগৰৰ শিক্ষয়িত্ৰী পত্নী উপাসনা বৰগোহাঁয়ে এইদৰে চৰম পথ বাছি লোৱাৰ চেষ্টা চলায়। দুয়ো পতি-পত্নীয়ে ডিমৌৰ সমীপৰ জামিৰা আৰু নিতাইপুখুৰীত শিক্ষকতা কৰিছিল। কি কাৰণত শিক্ষক-শিক্ষয়িত্ৰীগৰাকীয়ে এই চৰম সিদ্ধান্ত বাছি ল’লে, সেয়া এতিয়াও জানিব পৰা হোৱা নাই। বিগত দুমাহ ধৰি ডিমৌ কুশল পথৰ ওম প্ৰকাশ গোস্বামী নামৰ ব্যক্তিগৰাকীৰ বাসগৃহৰ প্ৰথম মহলাত দুয়ো শিক্ষক-শিক্ষয়িত্ৰীয়ে ভাৰাতীয়া হিচাপে আছিল। সংকটজনক অৱস্থাত দুয়োকে ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ইয়াৰে শিক্ষক বিদ্যুৎ নাথৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত ডিমৌ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব, কি কাৰণত শিক্ষক দম্পতীয়ে একেলগে আত্মহননৰ চেষ্টা চলাবলগীয়া হ’ল।

প্ৰেৰক বীৰেন কলিতা

You might also like