নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেধাৰ বলত পিতৃহাৰা যুগস্মিতা উজলিল উচ্চতৰ মাধ্যমিকত

নিয়মীয়া বাৰ্তা, ১০ মে’ : চাৰি বছৰ পূৰ্বে পিতৃৰ বিয়োগ ঘটে এক পথ দুৰ্ঘটনাত। মাতৃয়ে এখন ব্যক্তিগত শিক্ষানুষ্ঠানত আয়া হিচাপে কাম কৰি কোনোমতে ভনীয়েকসহ তিনিজনীয়া পৰিয়ালটো চলায় । নাই টিউচনৰ দিহা। তৎসত্ত্বেও মেধা আৰু একাগ্ৰতাৰ বলত যুগস্মিতাই সদ্যঘোষিত উঃ মাঃ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৯৩.৬০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। প্ৰমাণ কৰি দেখুৱালে যে দৰিদ্ৰতা হেঙাৰ নহয় শৈক্ষিক সফলতাৰ বাটত | নগৰবেৰাৰ পথালিপাৰা গাঁৱত মেধাৰ বলত উজলি উঠিছে প্ৰয়াত চম্পক কলিতাৰ কন্যা যুগস্মিতা কলিতা। দুখীয়া পৰিয়ালটোৱে আজিকোপতি নাপালে এটা চৰকাৰী গৃহ। অভাৱে কোঙা কৰা পৰিয়ালটোত যুগস্মিতা উজলিছে জুয়ে পোৰা সোণ হৈ | স্মৰ্তব্য যে দশম মানলৈ আদৰ্শ বিদ্যালয়, দোকুচিত অধ্যয়ন কৰাৰ অন্তত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বিজ্ঞান শাখাত নগৰবেৰা ইলিগেণ্ট ইনষ্টিটিউট’ত নামভৰ্তি কৰে যুগস্মিতা কলিতাই | নিতৌ ছয়/সাত ঘণ্টাকৈ অধ্যয়ন কৰি অধ্যৱসায়ৰ বলত ছাত্ৰীগৰাকীয়ে ঈপ্সিত ফল লাভ কৰে পৰীক্ষাত | ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন আছে তেওঁৰ। পিছে তাকে কৰিবলৈ পৰিয়ালটোৰ হাতত নাই ফুটাকড়ি। সেয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাইজৰ পৰা বিচাৰিছে সাহায্য | যুগস্মিতা কলিতাৰ ষ্টেট বেংকৰ SBI Luki Branch, A/C No-39078145483 (IFSCNO- SBIN0007389) নম্বৰৰ একাউণ্টত সাহায্য প্ৰদানৰ বাবে ৰাইজক কাতৰ আহ্বান জনাইছে দুখীয়া পৰিয়ালটোৱে| পৰৱৰ্তী যাৱতীয় যোগাযোগৰ বাবে ৬০০০৫-৬৪১৭২ নম্বৰত যোগাযোগ কৰিব পাৰে ছাত্ৰীগৰাকীৰ মাতৃৰ স’তে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like