নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীৰ কুমাৰশালীত হৰিণাৰ মাংসসহ আটক সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ বিজনীৰ উত্তৰাঞ্চলত চলি আছে হৰিণাৰ মাংসৰ অবৈধ সৰবৰাহ। একাংশ অসাধু চক্ৰই অঞ্চল সমূহত হৰিণাৰ মাংস বিক্ৰী কৰি থকাৰ তথ্য লাভ কৰি বুধবাৰে এছ এছ বিয়ে অভিযান চলাই হৰিণাৰ মাংসসহ এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

কুমাৰশালী বিঅপিৰ এলফা কোম্পানীৰ ১৫নং বেটেলিয়নৰ পৰিদৰ্শক উমেশ কুমাৰৰ নেতৃত্বত এছ এছ বিয়ে চলোৱা অভিযানটোত কুমাৰশালীৰ এলেকাৰ পৰা অবিন নাৰ্জাৰী(30) নামৰ এজন হৰিণাৰ মাংস সৰবৰাহকাৰীক আটক কৰাৰ লগতে ধৃত সৰবৰাহকাৰীটোৰ পৰা ১৭ কিলো হৰিণাৰ মাংস, এটা মোবাইল আৰু AS 15K 6071 নম্বৰৰ এখন গ্লেমাৰ বাইক জব্দ কৰে।জানিব পৰা মতে ধৃত সৰবৰাহকাৰীটোৰ ঘৰ বিজনী মহকুমাৰ ২ নং চতোলাদাংগুৰীত।

আনহাতে এছ এছ বিয়ে ধৃত অবিনৰ স্বীকাৰোক্তিৰ ভিত্তিত কুমাৰশালী নিবাসী বুদাং ব্ৰহ্মৰ ঘৰত অভিযান চলাই ৩ কিলো হৰিণাৰ মাংস, এখন দাঁ, দগাপাল্লা, মাংস কটা তাঙোনসহ কেবাটাও আপত্তিজনক সামগ্ৰী জব্দ কৰে যদিও বুদাং ব্ৰহ্ম পলাতক বুলি জানিব দিয়ে।

উল্লেখ্য ধৃত অবিন নাৰ্জাৰীয়ে কুমাৰশালী নিবাসী বুদাং ব্ৰহ্মৰ পৰা হৰিণাৰ মাংস লৈ উক্ত অঞ্চলত বিক্ৰী কৰে বুলি এছ এছ বিৰ উপৰি সংবাদ মাধ্যমৰ সন্মুখতো মন্তব্য প্ৰকাশ কৰে। জব্দকৃত সামগ্ৰীসহ অবিন নাৰ্জাৰীক এছ এছ বিয়ে কুকলুং বনাঞ্চলিক কাৰ্যালয়ত চমজাই দিব বুলি এছ এছ বিয়ে জানিবলৈ দিয়ে।
প্ৰেৰক বৰ্ণালী তালুকদাৰ

You might also like