নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ মে’ৰ পূর্বে ২২ হাজাৰক নিযুক্তি

শিক্ষা বিভাগত ৭২৩জনক নিযুক্তি–পত্র প্রদান মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ মাধ্যমিক আৰু উচ্চ শিক্ষা বিভাগে মঙলবাৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৭২৩গৰাকী শিক্ষকক নিযুক্তি পত্র বিতৰণ কৰে৷ ৮৮খন প্রাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫৬০গৰাকী শিক্ষক–টিউটৰ, প্রাদেশীকৃত কলেজত ১৩০গৰাকী সহকাৰী প্রবক্তা, ১৬গৰাকী কনিষ্ঠ সহায়ক আৰু ১৭গৰাকীক অনুকম্পামূলক পদত নিযুক্তি দিয়া হৈছে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শিক্ষা বিভাগত প্রতিবছৰে খালী হোৱা পদসমূহত মার্চ মাহৰ ভিতৰত নিযুক্তি দিয়াৰ এক ব্যৱস্থা গঢ়ি তুলিব লাগে৷ কলেজত সহকাৰী প্রবক্তা নিযুক্তিৰ ক্ষেত্রতো এক বিশেষ আয়োগ গঠনৰ পোষকতা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কলেজ পৰিচালনা কমিটীৰ দ্বাৰা নিযুক্তি প্রক্রিয়াৰ পৰা আঁতৰি গৈ খালী হোৱা সকলো পদ একে সময়তে পূৰণৰ ব্যৱস্থা কৰিলে নিযুক্তি প্রক্রিয়াটো অধিক ত্বৰান্বিত হ’ব৷

ৰাজ্য চৰকাৰে এটা বছৰত এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ যি প্রক্রিয়া আৰম্ভ কৰিছে, শিক্ষা বিভাগে অহা ১০ মে’ৰ পূর্বেই ২২ হাজাৰ পদত নিযুক্তি সম্পন্ন কৰিব৷ প্রাথমিক বিদ্যালয়ৰ পৰা কলেজ পর্যায়লৈ এই নিযুক্তি দিয়া হ’ব৷ এইক্ষেত্রত শিক্ষা বিভাগ বহু আগবাঢ়ি গৈছে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে নতুন ৰাষ্ট্রীয় শিক্ষা নীতি অনুসৰি প্রথম স্তম্ভ স্কুলীয়া শিক্ষা +++৪ গঢ়ি তোলাৰ ক্ষেত্রত বঙাইগাঁৱত অনুষ্ঠিত কেবিনেটত ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে৷ লাহে লাহে কলেজসমূহৰ পৰা উচ্চতৰ মাধ্যমিক স্তৰ অর্থাৎ একাদশ–দ্বাদশ শ্রেণী আঁতৰি যাব৷ এই বছৰত নতুনকৈ ৩৫০খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাম আৰম্ভ কৰা হৈছে৷ অহা বছৰ ৭০০খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাম আৰম্ভ কৰা হ’ব৷ দুই–এদিনৰ ভিতৰতে নতুন ৰাষ্ট্রীয় শিক্ষা নীতি অনুসৰি উচ্চ শিক্ষা বিভাগত চাৰিবছৰীয়া স্নাতক–ডিপ্ল’মা শিক্ষা ব্যৱস্থা সম্পর্কত সিদ্ধান্ত গ্রহণ কৰি জানুৱাৰী মাহৰ আগেয়ে সেই সম্পর্কত জাননী প্রকাশ কৰিব৷ পৰৱর্তী বিত্তীয় বর্ষত চাৰিবছৰীয়া স্নাতক–ডিপ্ল’মা পাঠ্যক্রমৰ উন্নয়নৰ কাম হাতত লোৱা হ’ব৷ এই সম্পর্কত তেওঁ কালি কর্ণাটকৰ উচ্চ শিক্ষা বিভাগৰ মন্ত্রী আৰু বিষয়াসকলৰ সৈতে কথা–বতৰা পতাৰো উল্লেখ কৰি কয় যে অহা তিনি বছৰত ৰাজ্যখনত নতুনকৈ বিশ্ববিদ্যালয় নির্মাণৰ কাম হাতত লোৱা হৈছে৷ অহা ৫ বছৰত ৰাজ্যত নতুনকৈ বহু বিশ্ববিদ্যালয় হ’ব৷ মহাবিদ্যালয়সমূহত্ ‘নাক’ৰ মূল্যায়ন বাধ্যতামূলক বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নাকৰ মূল্যায়নলৈ নোযোৱা কলেজৰ অধ্যক্ষ তথা অন্যান্য শিক্ষক–শিক্ষয়িত্রীস দৰমহা ৮০ শতাংশ, ৫০ শতাংশলৈ কমাই আনিব বুলিও সকীয়নি দিয়ে৷

মুখ্যমন্ত্রী ড০ শর্মাৰ মতে, একাউণ্টেবিলিটি অবিহনে শিক্ষা ব্যৱস্থা বাচি থাকিব নোৱাৰে৷ কলেজৰ অধ্যক্ষসকলক এই বিষয়ে স্পষ্ট কৰি দি কয় যে বর্তমানৰ চৰকাৰখনে এটা মিছন লৈ আহিছে৷ দেশৰ পাঁচখন শক্তিশালী ৰাজ্যৰ ভিতৰত অসমক এখন ৰাজ্য হিচাপে গঢ়িব লাগিব৷ সেয়ে তেওঁ ২০২২ চনৰ ভিতৰত কলেজসমূহক নাকৰ মূল্যায়নৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাই কয় যে নাকৰ মূল্যায়নলৈ নহা প্রাদেশীকৃত কলেজসমূহৰ পর্যায়ক্রমে প্রাদেশিকীকৰণ পর্যন্ত কর্তন কৰা হ’ব৷ ইয়াত কোনোধৰণৰ আপোচ নহ’ব৷ আপোচৰ অর্থ হ’ব জননী জন্মভূমিৰ প্রতি বিশ্বাসঘাতকতা কৰা৷ ক’ভিডৰ পাছত ৰাজ্যৰ প্রাথমিক, এম ই, হাইস্কুলসমূহত শিক্ষাৰ মানৰ দ্রুত অৱনতি ঘটাৰ উল্লেখ কৰি তেওঁ কয় যে অহা ২০২৬ চনলৈ প্রতিটো বছৰত সেই মান উন্নত কৰিব লাগিব৷ অহা ২০২২ৰ ফেব্রুৱাৰী মাহত হাইস্কুলৰ পৰা নিম্ন প্রাথমিকলৈ গুণোৎসৱৰ কাম আৰম্ভ কৰা হ’ব৷ এইবাৰ ছাত্র–ছাত্রীসকলৰ সৈতে শিক্ষক–শিক্ষয়িত্রীৰো আগ্রহ চোৱা হ’ব৷ যিসকল শিক্ষাৰ লগত একেবাৰে জড়িত হ’ব নিবিচাৰে, তেওঁলোকক বেলেগ কামত লগোৱা হ’ব৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সমাজত উচ্চ আদর্শ প্রতিষ্ঠাৰ ক্ষেত্রত শিক্ষকসকলৰ গুৰুত্বপূর্ণ ভূমিকা আছে৷ শিক্ষকসকলে ৰিম্ছ এপৰ জৰিয়তে কর্তব্যত উপস্থিতিৰ নিৰীক্ষণ ব্যৱস্থা আপত্তি কৰাটো উচিত নহয়৷ কাৰণ শিক্ষকসকলে দৰমহা ৰাইজৰ কৰৰ টকাৰ পৰাই লাভ কৰি আহিছে৷ শিক্ষকসকল সময়মতে বিদ্যালয়লৈ যোৱাটো আৰু সেই বিষয়ে নিৰীক্ষণ কৰাটোত গুৰুত্ব দিবই লাগিব৷

চৰকাৰে জিডিপিৰ ৬ শতাংশ শিক্ষাখণ্ডত ব্যয় কৰি আহিছে৷ বছৰি ২৫ হাজাৰ কোটি টকা শিক্ষাখণ্ডত খৰচ কৰাৰ বিনিময়ত ভাল ছাত্র–ছাত্রী সৃষ্টি হ’ব লাগিব৷ সেয়ে তেওঁ শিক্ষক সমাজক মানুহ গঢ়াৰ কামত নিজকে নিয়োজিত কৰিবলৈ আহ্বান জনায়৷ কলেজত থকা অৱস্থাত ছাত্র–ছাত্রীসকলৰ ৯০ শতাংশই প্রচলিত ব্যৱস্থাৰ বিৰোধিতা কৰাৰ উল্লেখ কৰি তেওঁ কয় যে এতিয়া শিক্ষক–শিক্ষয়িত্রী হিচাপে নিয়োজিত হৈ তেওঁলোকে ব্যৱস্থাটোত সোমাই পৰিছে৷ এতিয়া তেওঁলোকে এনে কাম কৰিব লাগিব, যাৰ ফলত শিক্ষা ব্যৱস্থাটো সলনি হয়৷ নহ’লে নতুন প্রজন্ময়ো বর্তমানৰ ব্যৱস্থাকেই জগৰীয়া কৰিব৷ যোৱা ৬টা মাহত বর্তমানৰ ৰাজ্য চৰকাৰখনে বিভিন্ন দিশত কাম আৰম্ভ কৰাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিভিন্ন ক্ষেত্রত চৰকাৰখনে ইতিবাচক ফল লাভ কৰিছে৷ এইক্ষেত্রত তেওঁ ক’ভিডত সফলতা, স্বাস্থ্যখণ্ডৰ সফলতাৰ লগতে মিছন বসুন্ধৰাৰ দৰে প্রেৰণাদায়ক আঁচনিৰ বিষয়েও উল্লেখ কৰে৷ আজিৰ এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, বিধায়ক মানৱ ডেকা, ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ ননী গোপাল মহন্তও উপস্থিত থাকে৷

You might also like