নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ বছৰতে ভৱিষ্যতে মুখ্যমন্ত্রী হোৱাৰ কথা কৈছিল হিমন্ত বিশ্বই

নিয়মীয়া বাৰ্তা ১১ মেঃ ২২ বছৰ বয়সতে ভৱিষ্যতে অসমৰ মুখ্যমন্ত্রী হোৱাৰ কথা কৈছিল আজি মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰা ড০ হিমন্ত বিশ্ব শর্মাই৷ সোমবাৰে শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত শপতগ্রহণ অনুষ্ঠানত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত সেই কথা প্রকাশ কৰিছে ড০ শর্মাৰ পত্নী ৰিণিকি ভূঞা শর্মাই৷

পত্নী ভূঞা শর্মাই কয় যে তেওঁ যেতিয়া হিমন্ত বিশ্ব শর্মাক লগ পাইছিল, তেতিয়া তেওঁৰ বয়স আছিল ১৭ বছৰ৷ হিমন্ত বিশ্ব শর্মাৰ বয়স আছিল ২২ বছৰ৷ তেতিয়াৰে পৰাই হিমন্ত বিশ্ব শর্মাই সদায় ৰাজনীতিক লৈ ব্যস্ত আছিল৷ বিবাহৰ পূর্বে ভৱিষ্যতে হিমন্ত বিশ্ব শর্মা কি হ’ব বুলি মাতৃক ক’ব বুলি সোধাত তেওঁ ভৱিষ্যতে অসমৰ মুখ্যমন্ত্রী হ’ব বুলি ক’বলৈ কৈছিল৷ সেই মুহূর্তত তেওঁ হিমন্ত বিশ্ব শর্মালৈ থৰ লাগি চাইছিল৷ আজি শপতগ্রহণ অনুষ্ঠানত আহি বহি বহি তাকেই ভাবিছে৷ এতিয়াও বিশ্বাস কৰিব পৰা নাই হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰিছে৷ হয়তো তাৰ বাবে দুই–এদিনমান লাগিব৷

তেওঁ আৰু কয় যে বিবাহৰ সময়ত হিমন্ত বিশ্ব শর্মাক বিধায়ক হিচাপে পায়৷ পৰৱর্তী পর্যায়ত হিমন্ত বিশ্ব শর্মা মন্ত্রীও হয়৷ ৰাজনৈতিক নেতা হিচাপে হিমন্ত বিশ্ব শর্মাই পৰিস্থিতি সুন্দৰকৈ নিয়ন্ত্রণ কৰি আগবাঢ়ি যোৱাটো তেওঁ লক্ষ্য কৰিছে বুলিও মন্তব্য কৰে৷

ইপিনে মুখ্যমন্ত্রী ড০ শর্মাৰ পুত্র নন্দিল বিশ্ব শর্মাই নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে তেওঁ পিতৃৰ নেতৃত্বত এখন কার্যক্ষম চৰকাৰৰ আশা কৰে৷ ক’ভিডজনিত পৰিস্থিতিৰ বাবে চৰকাৰে যথেষ্ট কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ স্বাস্থ্যখণ্ডৰ দৰে শিক্ষাখণ্ডকো অনাগত দিনত ভাল কৰিব পৰা যাব বুলি তেওঁ আশা ব্যক্ত কৰি কয় যে ড০ শর্মাক তেওঁ পিতৃ হিচাপে নহয়, এতিয়া অসমৰ মুখ্যমন্ত্রী হিচাপে যুৱ সমাজৰ বাবে কার্যক্ষমতাৰে কাম কৰি যোৱাটো বিচাৰে৷ ড০ শর্মাক লৈ বনোৱা ‘মীম’, ‘জ’ক’ আদিয়ে ড০ শর্মাৰ প্রতি থকা মৰমকে সূচায়৷

অসমৰ জনসাধাৰণে ড০ শর্মাক দিয়া সমর্থনৰ বিষয়ে ব্যক্ত কৰি তেওঁ কয় যে নির্বাচনৰ সময়তো মানুহৰ মাজত উৎসাহ দেখিছে৷ বন্ধুসকলৰ লগত যেতিয়া আলোচনাত বহে, তেতিয়া ইছ্যুভিত্তিক আলোচনা কৰে৷ চৰকাৰে কি কৰিছে, কি ব্যৱস্থা লৈছে সেইবোৰ বিষয়ে আলোচনা হয়৷ তেওঁৰ পিতৃয়ে কি কৰিছে, সেই বিষয়ে কোনো কথা নাপাতে৷ পিতৃ ড০ শর্মাক মুখ্যমন্ত্রী হিচাপে সকলোকে সমদৃষ্টিৰে চোৱাৰ বাবে পুত্র নন্দিল বিশ্ব শর্মাই আহ্বান জনায়৷

You might also like