নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: শুভ ৰং গেৰুৱা, সংখ্যা ৩, ঘৰলৈ সুখ শান্তি আহিব৷ যান–বাহন চলোৱা লোকসকল সাৱধান হ’ব৷ কথা কওঁতে সংযম ৰাখি কথা ক’ব অন্যথা ক্ষতি হ’ব পাৰে৷ প্রতিকাৰ– কামত ওলাওঁতে সূর্যক প্রণাম কৰি ওলাব৷
বৃষ: শুভ ৰং নীলা, সংখ্যা ৮, চাকৰিৰ কাৰণে থকা স্থানৰ পৰিৱর্তন কৰিব লগা হ’ব পাৰে৷ অচিনাকি ব্যক্তিৰ পৰা সহায় হ’ব পাৰে৷ সন্তানৰ শুভ৷ ব্যৱসায়ত অর্থহানি হোৱাৰ ভয়৷ প্রতিকাৰ ঃ বেল পাত তিনিটা ৰঙা জবাফুল লৈ শিৱৰ লিংগত দি শিৱক স্মৰণ কৰিব৷
মিথুন: শুভ ৰং হালধীয়া, সংখ্যা ৬, হাত ভৰিত আঘাত পাব পাৰে৷ অচিনাকি ব্যক্তিৰ পৰা প্রতাৰিত হোৱাৰ ভয়৷ পদোন্নতি হোৱাৰ সম্ভাৱনা৷ হাতলৈ টকা–পইচা আহিব৷ প্রতিকাৰ ঃ গা–ধোৱা পানীত কেইটামান তিল দি পূবফালে মুখ কৰি গা–ধুব৷
কর্কট: শুভ ৰং বগা, সংখ্যা ৩, খং দমাই ৰাখিব৷ ব্যৱসায়ীয়ে নতুন ব্যৱসায়ৰ সন্ধান পাব৷ নিজৰ ভুলৰ বাবে ক্ষতি হোৱাৰ আশংকা আছে৷ সন্তানৰ শুভ৷ প্রতিকাৰ ঃ হনুমান মন্দিৰত ধূপ চাকি জ্বলাই মিঠা ফল দান কৰিব৷
সিংহ: শুভ ৰং গেৰুৱা, সংখ্যা ৯, ঘৰৰ কোনো ব্যক্তিৰ দুখৰ খবৰ আহিব পাৰে৷ বিবাহৰ প্রস্তাৱ নাকচ হ’ব পাৰে৷ দূৰ ভ্রমণ নকৰা ভাল৷ সন্তানৰ শুভ নহয়৷ প্রতিকাৰ ঃ আঁহত গছ এজোপাৰ তলত চাকি জ্বলাই শ্রীবিষ্ণুৰ চৰণ চিন্তা কৰিব৷
কন্যা: শুভ ৰং ৰঙা, সংখ্যা ৭, হাতলৈ টকা–পইচা অহাত বাধা পাব৷ মূল্যৱান সম্পত্তি আহিব পাৰে৷ আজি কোনো যুটীয়া ব্যৱসায়ত হাত নিদিব৷ দুর্ঘটনাৰ যোগ দেখা যায়৷ প্রতিকাৰ ঃ ধূপ জ্বলাই ঘৰৰ চাৰিওফালে প্রদক্ষিণ কৰি উত্তৰ কোণত ধূপ কেইডাল ৰাখি থৈ আহিব৷
তুলা: শুভ ৰং বেঙুনীয়া, সংখ্যা ৮, শত্রুৰ দ্বাৰা ক্ষতি হোৱাৰ ভয়৷ সন্তানৰ শুভ৷ কর্ম সংস্থাপনৰ যোগ দেখা যায়৷ টকা পইচাৰ অভাৱৰ বাবে জটিল সমস্যাত পৰিবপাৰে৷ প্রতিকাৰ ঃ পুৱা গা–ধুই পানীত ৰঙা, বগা ফুল লৈ সূর্যক প্রণাম কৰি জল অর্পণ কৰিব৷
বৃশ্চিক: শুভ ৰং হালধীয়া, সংখ্যা ১, পিছলি পৰি হাত ভৰিত দুখ পাব পাৰে৷ আনক সহায় কৰি সন্মান পাব৷ সাংসাৰিক সমস্যা বাঢ়িব৷ চাকৰিৰ সুযোগ পাব পাৰে৷ শত্রুৰ পৰা সাবধান হ’ব৷ ব্যৱসায়ত লোকচান দেখা যায়৷ প্রতিকাৰঃ ভিক্ষাৰী এজনক খোৱা বস্তু দান কৰিব৷
ধনু: শুভ ৰং বেঙুণীয়া, সংখ্যা ৫, বন্ধুৰ পৰা সহায় লাভ কৰিব৷ অচিনাকি ব্যক্তিক প্রশ্রয় নিদিব ক্ষতি হ’ব পাৰে৷ চাকৰিয়ালসকলে টকা পইচাৰ লেনদেনত সাৱধান হ’ব৷ সন্তানৰ দ্বাৰা অবাবত অর্থ হানি হ’ব পাৰে৷ প্রতিকাৰ ঃ তুলসী গছৰ গুৰিত পানী ঢ়ালি ধূপ জ্বলাই, সূর্যক প্রণাম কৰিব৷
মকৰ: শুভ ৰং সেউজীয়া, সংখ্যা ৬, ঘৰৰ পৰা মূল্যবান বস্তু হেৰাব পাৰে৷ চাকৰিয়ালৰ দায়িত্ব বাঢ়িব৷ স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে৷ সন্তানৰ ভুলে সন্মান লাঘব কৰিব৷ প্রতিকাৰ ঃ নৱগ্রহ মন্দিৰত ধূপ চাকি জ্বলাই গ্রহ পূজা কৰিব৷
কুম্ভ: শুভ ৰং গেৰুৱা, সংখ্যা ৩, ব্যৱসায়ত খেলি– মেলি দেখা যায়৷ শুভ কামৰ আৰম্ভ হ’ব পাৰে৷ সন্তানৰ পৰা সুখ লাভ কৰিব৷ ৰুগীয়া মহিলাসকলে স্বাস্থ্যৰ প্রতি বিশেষ যত্ন ল’ব৷ চাকৰিৰ বাবে চেষ্টা কৰি চাব পাৰে৷ প্রতিকাৰ ঃ বেলপাত, গাখীৰ শিৱৰ লিংগত দি শিৱক আৰাধনা কৰিব৷
মীন: শুভ ৰং আকাশী নীলা৷ সংখ্যা ৮, আত্মীয়ৰ পৰা ক্ষতি হ’ব পাৰে৷ শিক্ষার্থীৰ শুভফল আশা কৰিব পাৰে৷ আর্থিক দিশত খেলি মেলি দেখা যায়৷ সন্তানৰ শুভ৷ ধুতুৰা ফুলত চন্দন সানি শিৱৰ লিংগত অর্পণ কৰিব৷

You might also like