নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীত ধৃত এটিএমৰ দুই হেকাৰ, ৪২ এটিএম কার্ডসহ নগদ ধন জব্দ

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ মহানগৰীৰ জালুকবাৰীৰ পৰা কালি আৰক্ষীয়ে দুজনকৈ এটিএম হেকাৰক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত এটিএম হেকাৰ দুজন ক্রমে হাৰিয়ানাৰ মহম্মদ আছিফ (২২) আৰু জুনাইদ খান (২৬) বুলি জানিব পৰা গৈছে৷

আৰক্ষীয়ে ধৃত এটিএম হেকাৰ দুজনৰ পৰা নগদ ৩২ হাজাৰ টকা আৰু ৪২খন এটিএম কার্ড, দুটা ম’বাইল, দুখন গাড়ী চালনাৰ অনুজ্ঞা–পত্র, দুখন আধাৰ কার্ড জব্দ কৰে৷

প্রাপ্ত খবৰ মতে, ধৃত এটিএম হেকাৰ দুজনে বিশেষ কৌশলেৰে এটিএম কার্ড সংগ্রহ কৰি গ্রাহক সেৱা বা বেংক গ্রাহক সেৱা কেন্দ্রক ফোন কৰি ধন লোৱাৰ অভিযোগ দি পুনৰ সেই ধন অনলাইন প্রক্রিয়াৰে নিজৰ একাউণ্টত সোমায়৷

এই সন্দর্ভত বশিষ্ঠ আৰক্ষীৰ খবৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে মালিগাঁৱত অভিযান চলাই এটিএম হেকাৰ দুজনক গ্রেপ্তাৰ কৰে৷

উল্লেখ্য যে ধৃত এটিএম হেকাৰ দুজনে গুৱাহাটী জিএছ ৰোডস্থিত অভিজাত লজত আশ্রয় লৈ মহানগৰীত এটিএম হেক কৰি আহিছে৷ ঘটনা সন্দর্ভত পৰৱর্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি আৰক্ষী সূত্রই জানিবলৈ দিছে৷

You might also like