নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুমডুমাত ইনড’ৰ ষ্টেডিয়াম আৰু বহুমুখী প্ৰেক্ষাগৃহৰ ভূমি পূজন

ডুমডুমাত ক্ৰীড়া আৰু সামাজিক আন্তঃগাঁথনি উন্নয়নৰ দিশত এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই যোৱা ২০ ডিচেম্বৰত ডুমডুমা নগৰ খেলপথাৰত অত্যাধুনিক ইনড’ৰ ষ্টেডিয়াম আৰু বহুমুখী প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ভূমি পূজন কৰে । ১৬ কোটি টকাৰ এই প্ৰকল্পটো তিনিচুকীয়া ক্ষেত্ৰীয় গৃহ সংমণ্ডলৰ অধীনত লোকনিৰ্মাণ বিভাগে ৰূপায়ণ কৰিব। এই প্ৰকল্পটো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডুমডুমাৰ বাবে ঘোষণা কৰা সাম্প্ৰতিক উন্নয়নমূলক আঁচনিসমূহৰ অংশ।

প্ৰস্তাৱিত তিনিমহলীয়া ইনড’ৰ ষ্টেডিয়াম আৰু প্ৰেক্ষাগৃহটোত আধুনিক মানৰ ইনড’ৰ ক্ৰীড়া সুবিধাৰ লগতে এটা পুথিভঁৰাল, জিমনেছিয়াম আৰু সন্মিলন কক্ষ থাকিব । মন্ত্ৰী গোৱালাই কয় যে প্ৰায় ডেৰ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা এই ষ্টেডিয়ামখন যুৱ ক্ৰীড়াবিদসকলৰ বাবে এক গুৰুত্বপূর্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব আৰু সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হ’ব।

উল্লেখযোগ্য যে ষ্টেডিয়ামখনৰ ভূমি মহলাত মাৰোৱাৰী দুৰ্গাপূজাৰ বাবে স্থায়ী কাঠামো থাকিব আৰু মুখ্য প্ৰতিমা স্থাপনৰ পবিত্ৰতা সম্পূৰ্ণৰূপে সংৰক্ষিত ৰখা হ’ব। ডুমডুমা পৌৰসভাৰ ৫নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য তথা নয়ন ডেকাই আঁত ধৰা অনুষ্ঠানটিত ডুমডুমা পৌৰসভাৰ পৌৰপতি কান্তা ভট্টাচাৰ্য‌‌‌, ডুমডুমা আঞ্চলিক পঞ্চায়তৰ সভাপতি ভাৰত ভাজনী, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি প্ৰণৱ বৰুৱাসহ কেইবাগৰাকীও স্থানীয় বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, সমাজকৰ্মী আৰু জনপ্ৰতিনিধি উপস্থিত আছিল ।

নিয়মীয়া বাৰ্তা, ডুমডুমা, ২১ ডিচেম্বৰ :
You might also like